দেৰগাঁৱৰ ভয়ংকৰ দুৰ্ঘটনা : মাত্ৰ এঘন্টা শুই গাড়ী চলাইছিল মৃদুল বৰাই - Dergaon Road Accident
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-01-2024/640-480-20436609-thumbnail-16x9-golaghat.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 5, 2024, 4:33 PM IST
গোলাঘাট, 5 জানুৱাৰী : দেৰগাঁৱৰ বালিজানত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা বাছ চালক মৃদুল বৰাৰ ঘৰতো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ৷ মৃত মৃদুল বৰাৰ টোপনি খতি হৈ থকাৰ কথা উল্লেখ পত্নী দীপশিখা বৰাৰ ৷ 3 জানুৱাৰীত ভাড়া লৈ যোৱাৰ পূৰ্বে মাত্ৰ এঘন্টাৰ বাবে শুইছিল চালক মৃদুল বৰাই ৷ সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে পত্নী দীপশিখা বৰাই ৷
পাঁচ বছৰীয়া একমাত্ৰ সন্তান থকা মৃদুল বৰাৰ ঘৰখন এতিয়া শোকত ম্ৰিয়মাণ হোৱা দেখা গৈছে ৷ চালক মৃদুলে এই বাছখনৰ ওপৰিও আন গাড়ী চলাইয়ো পৰিয়াল পোহপাল দিছিল ৷ উল্লেখ্য যে, 3 জানুৱাৰীৰ পুৱতি নিশা দেৰগাঁও বালিজানত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল বাছ চালক মৃদুল বৰা ৷ তদুপৰিও একে গাঁৱৰে শিশুসহ 10 জন লোকৰ মৃত্যু হৈছিল এই দুৰ্ঘটনাত ৷
বৰ্তমানেও শিশুসহ চাৰিজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ লগতে ভালেসংখ্যক লোক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে ৷ এই পথ দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে বাছখন প্ৰায় সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যায় ৷
লগতে পঢ়ক : দেৰগাঁৱত ড্ৰাইভাৰ-হেণ্ডিমেনৰ উত্তাল প্ৰতিবাদ