দেৰগাঁও বালিজানৰ পথ দুৰ্ঘটনা : সংকটজনক অৱস্থাত থকা কণমানি শিশুসহ দুজনক GMCH লৈ প্ৰেৰণ - Rushed to GMCH
🎬 Watch Now: Feature Video
Published : Jan 3, 2024, 8:32 PM IST
যোৰহাট, 3 জানুৱাৰী : দেৰগাঁও বালিজানৰ ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা তিনি গৰাকীক উন্নত চিকিৎসাৰ বাবে বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে আহত তিনিওগৰাকীকে প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক পূৰ্ণিমা বৰুৱাই ৷ আহত কুলুমণি শইকীয়া (34), প্ৰীতি শইকীয়া (7) আৰু মৃদুল শইকীয়া (40), এই তিনিওজনক ৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক পূৰ্ণিমা বৰুৱাই জানিবলৈ দিয়া অনুসৰি, প্ৰীতি শইকীয়াক প্লাষ্টিক চাৰ্জাৰী আৰু বাকী দুজনক কাৰ্ডিঅ' চিকিৎসাৰ প্ৰয়োজন হ'ব ৷ সেয়েহে তেওঁলোকক GMCH লৈ প্ৰেৰণ কৰা হৈছে ৷ বৰ্তমান যোৰহাট চিকিৎসাধীন মহাবিদ্যালয় আৰু হাস্পতালত 28 জন চিকিৎসাধীন হৈ আছে ৷ আনহাতে চিকিৎসা মহাবিদ্যালয়খনত ভৰ্তি হৈ থকা আহত সকলৰ স্বাস্থ্যৰ বুজ লবলৈ উপস্থিত হয় বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙ, পৰিবহন আয়ুক্তকে ধৰি উচ্চপদস্থ বিষয়াসকল ৷
লগতে পঢ়ক : বছা-ভৰলোৱা গাঁৱত শোকাকুল পৰিৱেশ