Locals banned Demow picnic spot: পৰ্যটকৰ বাবে নিষিদ্ধ ডিমৌৰ বনভোজস্থলী - ড্ৰাগছৰ লগতে অসামাজিক কাৰ্যকলাপৰ ঘাটি
🎬 Watch Now: Feature Video
জোনাই, ২৮ এপ্ৰিল: অসম-অৰুণাচল সীমান্তৱৰ্তী ডিমৌ পাহাৰৰ মনোমোহা প্ৰাকৃতিক দৃশ্যয়ে সকলোকে আপ্লুত কৰি আহিছে (Famous Demow picnic spot) ৷ বিভিন্ন সময়ত এই অঞ্চলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে বনভোজ খাবলৈ অহাৰ লগতে প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰেহি ৷ কিন্তু এতিয়া বনভোজস্থলীখন পৰিণত হৈছে ড্ৰাগছৰ লগতে অসামাজিক কাৰ্যকলাপৰ ঘাটিলৈ ৷ ফলত জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ (Demow picnic spot banned for tourists)।
বিগত এবছৰ ধৰি এই বনভোজস্থলীত ড্ৰাগছ সেৱনকাৰী আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ যোৱাৰ নামত ইয়ালৈ আহি অসামাজিক কাৰ্যকলাপৰ মুক্ত বিচৰণস্থলীলৈ পৰিণত কৰিছে ৷ বহু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে দুষ্কৰ্মৰ বাবে নিৰাপদস্থান হিচাপে ডিমৌ নদীখনক ব্যৱহাৰ কৰাৰ দৃষ্টিগোচৰ হৈছে স্থানীয় লোকৰ ৷
ইয়াৰ পিচতে ডিমৌ ৰাইন’ ক্লাৱ আৰু ডিমৌ চাৰিআলি গাঁও উন্নয়ন সমিতিয়ে সীমান্তৱৰ্তী ৰে’লৱে ষ্টেচনৰ ওচৰত জাননী প্ৰেৰণ কৰি বনভোজস্থলীত প্ৰৱেশ নিষিদ্ধ কৰিছে (Locals banned Demow picnic spot) ৷ ইফালে এই বনভোজস্থলীত চিলাপথাৰ, ধেমাজি, ডিব্ৰুগড় আদি বিভিন্ন অঞ্চলৰ যুৱক-যুৱতীয়ে আহি নিচাযুক্ত দ্ৰব্য সেৱন কৰি মাজে সময়ে হাই-কাজিয়া কৰি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে ।
লগতে পঢ়ক: Hungrani Festival : চিলাপথাৰ কেন্দ্ৰীয় হঙৰাণী উৎসৱৰ সামৰণি
বাৰে বাৰে বনভোজস্থলীলৈ জাননী প্ৰেৰণ কৰাৰ পিচতো প্ৰতিদিনে ডিমৌ নদীৰ বনভোজস্থলীত শ শ যুৱক-যুৱতী আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অহাত বাহনসমূহ ওভতাই পঠিয়াইছে স্থানীয় যুৱকসকলে । এনে অসামাজিক আৰু অশ্লীল পৰিৱেশৰ পৰা অঞ্চলটোক নিৰাপত্তা দিবলৈ জিলা প্ৰশাসনৰ লগতে বনভোজস্থলীৰ ওচৰত থকা আৰক্ষী প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷