thumbnail

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 4:23 PM IST

ETV Bharat / Videos

Crime in Mangaldoi:মঙলদৈত ব্যৱসায়ীক আলফাৰ নামত ধন দাবী

দৰং, ১২ ছেপ্টেম্বৰঃ মঙলদৈত সোমবাৰে নিশা এজন ব্যৱসায়ীক আলফাৰ নামত ধন দাবী কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । মঙলদৈৰ ব্যৱসায়ী সুদীপ মণ্ডলক দাবী কৰা ধন নিদিলে নিশাৰ ভিতৰত প্ৰাণে মৰাৰ ভাবুকি দিয়ে সঞ্জয় নামৰ এজন লোকে । কোনো আলফা কেডাৰ দূৰ্ঘটনাগ্ৰস্ত হোৱা বাবে ধনৰ প্ৰয়োজন বুলি 9342937366 নম্বৰৰ পৰা ফোন যোগে এই লোকজনে সুদীপক জনায় । তৎকালীনভাৱে দাবী কৰা ধন নিদিলে লোকজনে তেওঁক মৃত্যুৰ ভাবুকি দিয়ে ।

সুদীপ মণ্ডলে উপায়ন্তৰ হৈ মঙলদৈ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । সঞ্জয় নামৰ লোকে নিশা ফোন কৰি সুদীপ মণ্ডলক ধন দাবী কৰাত ভয়তে সুদীপ মণ্ডলে প্ৰথমে ৩ হাজাৰ টকা Google Pay কৰি দিয়ে যদিও আলফাৰ কেডাৰ বুলি পৰিচয় দিয়া লোকজনে আকৌ ফোন কৰি ২০ হাজাৰ টকা বিচাৰে । উপায়ন্তৰ হৈ সুদীপে মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰি পৰিয়ালৰ নিৰাপত্তা বিচাৰে ।

লগতে পঢ়ক:Matak Yuva Chatra Parishad protest: মটক জনগোষ্ঠীক ষষ্ঠ অনুসূচীৰ তালিকাত অন্তৰ্ভুক্ত কৰি জনজাতিৰ মৰ্যদা প্ৰদানৰ দাবীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.