Deer rescued from dog attack: এজন প্ৰকৃতি প্ৰেমীৰ তৎপৰতাত কুকুৰৰ জাকৰ পৰা উদ্ধাৰ এটা হৰিণা

By

Published : Mar 24, 2023, 10:38 AM IST

thumbnail

কলিয়াবৰ, 24 মাৰ্চ : এজন লোকে এজাক কুকুৰৰ কৱলৰ পৰা উদ্ধাৰ কৰিলে এটা হৰিণা ৷ ব্যক্তিগত কামত তেজপুৰলৈ গৈ থকা অৱস্থাত এটি হৰিণাক কুকুৰৰ দল এটাই আক্ৰমণ কৰা দেখা পাই গাড়ীৰ পৰা নামি যায় প্ৰকতিপ্ৰেমী লোকজন ৷ বহু সময় যুঁজি যুঁজি তেওঁ হৰিণাটো উদ্ধাৰ কৰে কুকুৰৰ দলটোৰ পৰা (Man rescued a deer from dogs) ৷ তেওঁ হ’ল কলিয়াবৰৰ দেউৰী চিলাবন্ধাৰ দিগন্ত কুমাৰ বৰা ৷

বালিদুৱাৰৰ এখন পথাৰত এজাক কুকুৰে আক্ৰমণ কৰিছিল হৰিণাটোক (dogs attack deer incident) । শুকুৰবাৰে তেজপুৰলৈ গৈ থকা সময়তে হঠাৎ ঘটনাটো প্ৰত্যক্ষ কৰি লোকজনে গাড়ী ৰখাই হৰিণাটো উদ্ধাৰৰ বাবে নামি যায় । বহু চেষ্টাৰ অন্তত অৱশেষত লোকজনে কুকুৰৰ মুখৰ পৰা উদ্ধাৰ কৰে হৰিণাটো । পাছত স্থানীয় লোকক চমজি দি সেই স্থান ত্যাগ কৰে প্ৰকৃতিপ্ৰেমী লোকজনে ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকে বনবিভাগক খবৰ দিয়াত বন বিভাগৰ লোক সেই স্থানত উপস্থিত হৈ লৈ যায় হৰিণাটো ৷

প্ৰকৃতিপ্ৰেমৰ এক নিৰ্দশন দাঙি ধৰিলে দিগন্ত কুমাৰ বৰাৰ লগতে কলিয়াবৰৰ বালিদুৱাৰ গাঁৱৰ ৰাইজে ৷ ইফালে বন বিভাগৰ লোকে হৰিণাটোক আঘাতপ্ৰাপ্ত অৱস্থাত মটৰ চাইকেলত লৈ যাবলগীয়া হোৱা কাৰ্যই বিভাগটোৰ দুৰৱস্থাৰ কথাকে পুনৰ এবাৰ প্ৰমাণ কৰিলে ।

লগতে পঢ়ক : Mysterious death of a woman: সোণাৰিত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.