thumbnail

Dechang Brahmaputra Festival 2022: সামৰণি পৰিল দিচাং ব্ৰহ্মপুত্ৰ উৎসৱ ২০২২

By

Published : Dec 29, 2022, 5:33 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

বৃহস্পতিবাৰে সামৰণি পৰে চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দিচাং ব্ৰহ্মপুত্ৰ উৎসৱ ২০২২ (Dechang Brahmaputra Festival 2022) । শিৱসাগৰ নগৰৰ সমীপৰ দিচাংমুখৰ মনোৰম প্ৰাকৃতিক পৰিৱেশত আয়োজিত উৎসৱৰ শেষৰ দিনা ভাৰতৰত্ন ভূপেন হাজৰিকা (Bharat Ratna Bhupen Hazarika) সোঁৱৰণি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে দুকুৰিৰো অধিক প্ৰতিযোগীয়ে । প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাবে উদ্বোধন কৰে বীণাপানি সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰুজ কুমাৰ পাতিৰে । ইয়াৰ পাছতে এই উৎসৱ উপলক্ষে সাংবাদিক মনোজ গগৈৰ সম্পাদনাত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ "বৰনৈ দিচাং" উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ নাহেন্দ্ৰ পাদুনে । অন্তিম দিনৰ কাৰ্যসূচীৰ অংশ ৰূপে মিছিং ঢোল বাদন প্ৰতিযোগিতা, বিক্ৰম সিং য়েইন সোঁৱৰণি বঁটা প্ৰদান, সাংস্কৃতিক অনুষ্ঠান আদি কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.