Wild elephant electrocution: কলিয়াবৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু - Wild elephant electrocution
🎬 Watch Now: Feature Video

নগাঁও জিলাৰ কলিয়াবৰত শোকাৱহ ঘটনা । তপাহোলাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এটা বনৰীয়া হাতীৰ (Elephant Dies Of Electrocution in Kaliabor)। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই হাতীটোৱে কৰুণ মৃত্যুক সাৱটি লোৱাৰ অভিযোগ তুলিছে ৰাইজে । ইফালে বন বিভগে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰো প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে । স্থানীয় ৰাইজে অভিযোগ কৰা মতে অঞ্চলটোত বিদ্যুৎ পৰিবাহী তাঁৰ যথেষ্ট তলেৰে লৈ যোৱা হৈছে । যাৰ বাবে সেই তাঁৰত লাগি মঙলবাৰে হাতীটোৱে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে (Wild elephant electrocution)। বনৰীয়া হাতীটোৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে এতিয়া শোকৰ ছাঁ পেলাইছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST
TAGGED:
Wild elephant electrocution