Death Body recovered in Golaghat: নামবৰ দৈগ্ৰোং সংৰক্ষিত অভয়াৰণ্যত মহিলাৰ মৃতদেহ উদ্ধাৰ - Death Body recovered in Daigrong Reserve

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 28, 2023, 8:27 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

গোলাঘাট, ২৮ জানুৱাৰী: গোলাঘাট জিলাৰ নামবৰ দৈগ্ৰোং সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয় (Death body recovered in Golaghat)। যোৱা ৩ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল এই মহিলাগৰাকী । একাংশ লোকে দৈগ্ৰোং সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যত (Nambor Daigrong Reserve Wildlife Sanctuary)খৰি লুৰিবলৈ যোৱাৰ সময়ত উল্টাজানৰ মাজুলী গাঁৱৰ 60 বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ হয় । উল্লেখ্য় যে যোৱা ৩ জানুৱাৰীত নিৰুদ্দেশ হৈছিল গোলাঘাট জিলাৰ মৰঙী মৌজাৰ এগৰকী মহিলা (Death Body recovered in Daigrong Reserve Wildlife Sanctuary)। 

যোৱা 3 জানুৱাৰীৰ পৰা নিৰুদ্দেশ  হোৱাৰ পিছতে আত্মীয়ই বিচাৰ-খোচাৰ কৰে যদিও মহিলগৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাছিল । 3 জানুৱাৰীৰ পুৱা 4 মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছিল মাজুলীগাঁৱৰ গুণ বৰা নামৰ মহিলগৰাকী । মানসিকভাৱে অসুস্থ মহিলগৰাকী বহু বিচাৰ কৰিও শুংসূত্ৰ লাভ কৰা নাছিল পৰিয়ালৰ লোকে । শনিবাৰে মহিলগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় নামবৰ দৈগ্ৰোং সংৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজত । ইয়াৰ পিছতেই ৰাইজে বগীজান থানাৰ আৰক্ষীক এই বিষয়ে অৱগত কৰা হয় (Bogijan police station)।

পিছত ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Golaghat Kushal Konwar Civil Hospital)। মহিলা গৰাকীয়ে আত্মহত্যা কৰিব পাৰে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । আৰক্ষীয়েও এইক্ষেত্ৰত কোনো তথ্য় লাভ কৰা নাই । তদন্তৰ পাছতহে ওলাব প্ৰকৃততে কিদৰে মৃত্যু হ'ল মহিলাগৰাকীৰ । ইপিনে,পৰিয়ালৰ লোকে অশৰীৰি আত্মাৰ বাবে মহিলাগৰাকীয়ে আত্মহত্য়া কৰে বুলি সন্দেহ প্ৰকাশ কৰিছে । পৰিয়ালৰ লোকে এইক্ষেত্ৰত হত্য়াকাণ্ডৰ সম্ভাৱনা নুই কৰিছে । তেওঁ বহু দিনৰ পৰা মানসিক ৰোগত আক্ৰান্ত হৈ আছিল বুলি পৰিয়ালৰ লোকে কয় ।

লগতে পঢ়ক:Superstition in Guwahati: শ্মশানত পূজা কৰি থাকোতেই ৰাইজে হাতে লোটে ধৰিলে তান্ত্ৰিক, জ্যোতিষীক

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.