Suspicious suicide in Golaghat: গোলঘাটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ - youth body recovered
🎬 Watch Now: Feature Video

গোলাঘাট, 26 ফেব্ৰুৱাৰী : ৰাজ্যত পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ ৷ গোলঘাটৰ টেঙানীত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ (Suspicious suicide in Golaghat)। এজোপা গছত চিপজৰী লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো (Deadbody recovered in Golaghat)। মৃতদেহটো বাদুলিপাৰৰ বুঢ়াগাঁৱৰ উত্তম দত্ত (২৯) বুলি চিনাক্ত কৰা হৈছে । এয়া এক পৰিকল্পিত হত্যাকাণ্ড পৰিয়াল বুলি দাবী কৰিছে উত্তম দত্তৰ পৰিয়ালৰ লগতে সংশ্লিষ্ট গাঁৱৰ লোকে ৷ কোনোৱে হত্যাকাণ্ড সংঘটিত কৰি গছত ওলমোৱাৰ অভিযোগ উত্থাপন কৰিছে উত্তম দত্তৰ পৰিয়ালৰ লগতে সংশ্লিষ্ট গাঁৱৰ লোকে ।
ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা উত্তম দত্ত পেচাত আছিল এজন জেচিবি চালক । কৰ্মসূত্ৰে নিজৰ পাব লগীয়া টকা বিচাৰি যাওঁতেই টেঙানীৰ জনৈক বিতু গগৈ নামৰ ব্যক্তিজনে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে গাঁওবাসীয়ে । হত্যাকাণ্ডৰ ঘটনাত জড়িত থকাৰ সন্দেহ কৰা বিতু গগৈয়ে উত্তম দত্তৰ ঘৰৰ পৰা এদিন পূৰ্বে সোণৰ এপাত কাণফুলি লৈ যোৱা বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে পৰিয়ালৰ লোকে ।
শীঘ্ৰে দোষীক কৰায়ত্ব কৰাৰ লগতে আৰক্ষীয়ে দোষীক উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে গাঁওবাসীয়ে । অন্যথা গাঁওবাসীয়ে প্ৰতিবাদী কাৰ্যসূচী গিৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে (youth body recovered)।
বৰ্তমানলৈ হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে যদিও বৰ্তমানেও ৰহস্যৰ আৱৰ্তত আছে সমগ্ৰ ঘটনা ৷ আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷ আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃততে ই আত্মহত্যা নে এক পৰিকল্পিত হত্যাকাণ্ড সেয়া স্পষ্ট হ’ব । এডাল গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা উত্তম দত্তৰ মৃতদেহটো মাটিৰ পৰা 3 ইঞ্চি ওপৰত আছিল ৷ সেয়ে এই ঘটনা অধিক ৰহস্যঘন হৈ পৰিছে ৷
লগতে পঢ়ক : BJP president reacts on alliance : ভিতৰি নিজৰ মাজত মিল বৰ্তাই ৰাখে কংগ্ৰেছ-এ আই ইউ ডি এফে; ভৱেশ কলিতা