Deadbody recovered: ডেকাগাঁৱৰ পৰা মূৰ্কংচেলেক লৈ যোৱা যাত্ৰীবাহী ৰে'লে কাটিলে এজনক - Deadbody recovered
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-09-2023/640-480-19487201-thumbnail-16x9-dib.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 11, 2023, 8:22 PM IST
বিহপুৰীয়া, 11 ছেপ্টেম্বৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ধলপুৰত অঘটন ৷ ডেকাগাঁৱৰ পৰা মূৰ্কংচেলেকলৈ যোৱা যাত্ৰীবাহী ৰে’লে কাটিলে এজনক । ধলপুৰৰ উত্তৰ কাঠনি ৰে'লৱে ষ্টেচনৰ নিচেই কাষৰ ৰে'ল ক্ৰছিঙত এই দুৰ্ঘটনাটো সংঘটিত হয় । নিহত ব্যক্তিজনৰ পৰিচয় এতিয়াও লাভ কৰা নাই ৷
এই ঘটনা দেখিয়েই স্থানীয় লোকে ততালিকে স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ খবৰ লাভ কৰিয়েই স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
ইফালে এই ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি ব্যক্তিগৰাকীয়ে কাণত হেডফোন লগাই উত্তৰ কাঠনি ৰে'লৱে ষ্টেচনৰ দিশে গৈ আছিল ৷ মৃতদেহটোৰ ওচৰত এখন বাইবেল উদ্ধাৰ হোৱাৰ লগতে বাইবেলৰ এটা পৃষ্ঠাত দিগন্ত কোঁৱৰ বুলি নাম লিখা আছে ৷
লগতে পঢ়ক: Dibrugarh Murder: লাহোৱাল চেঙেলীজান চাহ বাগিচাত লোমহৰ্ষক হত্যাকাণ্ড