Dead body recovered: যোৰহাটৰ নিৰ্মীয়মান উৰণ সেঁতুৰ তলত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ - মৃতদেহ উদ্ধাৰ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:50 PM IST

যোৰহাট, 13 ছেপ্টেম্বৰ : যোৰহাট জিলাৰ জেইল ৰোডৰ নিৰ্মীয়মান উৰণ সেঁতুৰ তলত এজন অচিনাক্ত যুৱক মৃতদেহ উদ্ধাৰ কৰা হয় ৷ বুধবাৰে পুৱা যোৰহাট চিকিৎসা মহাবিদ্যালয় তথা জেইল ৰোডৰ নিৰ্মীয়মান উৰণ সেঁতুৰ তলত থকা প্ৰকাণ্ড ঘাটৰ পানীত উপঙি থকাৰ অৱস্থাত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি লগে লগে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৱাসাত থকা স্থানীয় আৰক্ষীক খবৰ দিয়ে।

তৎক্ষণাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰে। আনহাতে বাতৰি লিখা সময়লৈকে যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। ইফালে যুৱকজনৰ মৃত্যু স্বাভাৱিক নে কোনোবাই হত্যা কৰি সেই স্থানত পেলাই থৈ গ’ল সেয়া আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক: Bribery case: তিনি হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে কৃষি বিষয়াই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.