thumbnail

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 4:30 PM IST

ETV Bharat / Videos

Dead body recovered: ৰে’লৱে লাইনৰ দাঁতিত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

বৰপেটাৰোড, 19 ছেপ্টেম্বৰ : বিশ্বকৰ্মা পূজাৰ নিশা বৰপেটাৰোডত এক অঘটন সংঘটিত হৈছে । মঙলবাৰে পুৱা বৰপেটাৰোডত ৰহস্যজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উদ্ধাৰ হোৱা যুৱকজনৰ নাম কিশোৰ কুমাৰ দাস বুলি জানিব পৰা গৈছে ।

বৰপেটাৰোডৰ শাক-পাচলি বজাৰৰ সমীপৰ ৰে’লৱে লাইনৰ দাঁতিত উদ্ধাৰ হৈছে মৃতদেহটো ৷ স্থানীয় লোকে পুৱা মৃতদেহটো প্ৰত্যক্ষ কৰি বৰপেটাৰোড আৰক্ষীক খবৰ দিয়ে ৷ বৰপেটাৰোড আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । 

যুৱকজনৰ এই মৃত্যু স্বাভাৱিক নে ৰহস্যজনক সেয়া জানিব পৰা হোৱা নাই ৷ আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাচতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব । মৃত যুৱকজনৰ ঘৰ সৰভোগৰ বগলামাৰীত বুলি জানিব পৰা গৈছে। মৃতদেহটোৰ ওচৰতে যুৱকজনৰ AS01 DK1341 নম্বৰৰ এখন পালছাৰ বাইকো উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ সম্প্ৰতি বৰপেটাৰোড আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰোডলৈ প্ৰেৰণ কৰিছে ৷ 

লগতে পঢ়ক: Gold Smuggler arrested : গুৱাহাটীত চোৰাং সোণসহ গ্ৰেপ্তাৰ মহিলাকে ধৰি চাৰিজনক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.