thumbnail

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 5:39 PM IST

ETV Bharat / Videos

Dead body recovered: মাছ মাৰিবলৈ গৈ প্ৰতিভাবান যুৱকৰ কৰুণ মৃত্যু

চামগুৰি, 20 ছেপ্টেম্বৰ : নগাঁও জিলাৰ বঢ়মপুৰত এজন প্ৰতিভাৱান যুৱকৰ কৰুণ মৃত্যু ৷ এটি জলাহৰ পাৰত মৃতদেহ উদ্ধাৰ যুৱকজনৰ ৷ প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে বিয়লি প্ৰায় 4 মান বজাত জলাহত মাছ মাৰিবলৈ গৈছিল যুৱকজনে ৷ কিন্তু যুৱকজনে মাছ মাৰি সন্ধিয়া প্ৰায় 7 মান বজালৈ ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে সন্দেহ হয় ৷ তেওঁলোকে বহু বিচাৰ খোচাৰ কৰে যুৱকজনৰ ৷

ইফালে ইয়াৰ সমান্তৰালকৈ স্থানীয় লোকে জলাহৰ পাৰত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে। মৃত্যু হোৱা যুৱকজন বৰবাৰীৰ শৰৎ কলিতা বুলি জানিব পৰা গৈছে । ইয়াৰোপৰি যুৱকজনে গাঁৱত নাম প্ৰসংগত বাদ্যযন্ত্ৰ বজাই বুলি জানিব পৰা গৈছে। যুৱকজনৰ প্ৰতিভাই তেওঁৰ চিনাকি আছিল বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Minor rape: কন্যাক ধৰ্ষণ কৰিলে পিতৃয়ে, প্ৰাণৰ মমতাত মাতৃ-কন্যাৰ পলায়ন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.