Dead body Recovered in Rangai: ৰঙিয়াৰ ভাতকুছিত মাছ মাৰিবলৈ গৈ সলিল সমাধি যুৱকৰ - Dead body Recover in Rangai
🎬 Watch Now: Feature Video
ৰঙিয়া,26 জুন: ৰঙিয়াৰ ভাতকুছিত গাঁৱত কৰুণ ঘটনা । মাছ মাৰিবলৈ গৈ সলিল সমাধি এজন যুৱকৰ। মৃত যুৱকজন ৰঙিয়াৰ সমীপৰ উদিয়ানাৰ বুলি জানিব পৰা গৈছে ৷ মৃত যুৱক জনৰ নাম আজিজুল হক ওৰফে অজিত বুলি জানিব পৰা গৈছে ৷
সোমবাৰে পুৱা কেইগৰাকীমান বন্ধুৰ সৈতে ভাতকুছি জানত মাছ মাৰিবলৈ গৈছিল অজিতে । হঠাৎ জানটোৰ পাৰত থকা কেইটামান কণী প্ৰত্যক্ষ কৰে যুৱকজনে ৷ প্ৰত্যক্ষ কৰা কণীকেইটা আনিবলৈ যোৱাৰ লগে লগে পানীৰ তীব্ৰ সোঁতে উটুৱাই লৈ যায় যুৱকজনক। তাৰ পিছতে এক আতংকময় পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত ।
পৰবৰ্তী সময়ত এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে ৰাইজে । এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হোৱাত পলম হোৱা দেখি ভাতকুছি জানত উদিয়ানাৰ একাংশ সাহসী ব্যক্তিয়ে উদ্ধাৰ অভিযান চলায়। উদ্ধাৰ অভিযানৰ সময়তে ৰুহুল আলী নামৰ যুৱকজনে উদ্ধাৰ কৰে আজিজুল হকৰ মৃতদেহ ।
ইফালে মৃতদেহ উদ্ধাৰৰ পিছতহে ঘটনাস্থলীত উপস্থিত হয় এছ ডি আৰ এফ বাহিনী । যাক লৈ ক্ষোভ প্ৰকাশ কৰে ৰাইজে ।
লগতে পঢ়ক:Himachal floods : হিমাচলৰ বানত নিহত ৬; ভূমিস্খলনৰ ফলত ঘাইপথত আবদ্ধ শতাধিক লোক