Dead Body Recover: দেৰগাঁৱৰ বালিজানত মৃতদেহ উদ্ধাৰ - দেৰগাঁৱৰ বালিজানত মৃতদেহ উদ্ধাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16905571-thumbnail-3x2-golaghat.jpg)
গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত শুকুৰবাৰে এটা মৃতদেহ উদ্ধাৰ হয়(Dead Body Recover in Golaghat) । মৃতদেহটো ধীব্ৰু নাগবংশী (৪০) বুলি জানিব পৰা গৈছে । ধীব্ৰু নাগবংশীৰ ঘৰ বালিজান পুৰণা লাইনত । বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল ব্যক্তিজন । শুকুৰবাৰে বাগিচাত কাম কৰিবলৈ অহা শ্ৰমিকে মৃতদেহটো প্ৰত্যক্ষ কৰি দেৰগাঁও আৰক্ষীক খবৰ দিয়ে । স্থানীয় লোকৰ মতে বুধবাৰে বাগিচালৈ খৰি আনিবলৈ গৈ ৩৩ হাজাৰ ভল্ট বিদ্যুৎ প্ৰৱাহিত তাঁৰত লাগি অকাল মৃত্যুক সাৱটিবলগীয়া হয় ধীব্ৰু নাগবংশীয়ে(One death due to electrocuted) । দেৰগাঁও আৰক্ষীয়ে ধীব্ৰু নাগবংশীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।
Last Updated : Feb 3, 2023, 8:32 PM IST