Majuli bribe case: ৰাতুল দত্তৰ ধন সংগ্ৰহ সম্পর্কত জিলা উপায়ুক্ত কাবেৰী বি শৰ্মাৰ প্ৰতিক্ৰিয়া - Ratul Dutta bribe case of majuli
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15-07-2023/640-480-19008298-thumbnail-16x9-bribe.jpg)
মাজুলী, 15 জুলাই : শিক্ষা বিভাগৰ চতুৰ্থ বৰ্গ কৰ্মচাৰী ৰাতুল দত্তৰ ধন সংগ্ৰহ কৰা ভিডিঅ’ই তোলপাৰ লগাইছে ৷ মাজুলীৰ চৰকাৰী কাৰ্যালয়ত মুকলিকৈ ধন সংগ্ৰহৰ এক ভয়ংকৰ দৃশ্য আমাৰ কেমেৰাত আৱদ্ধ হৈছিল । এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মাজুলী জিলা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ।
চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰাতুল দত্তই মুকলিকৈ ধন লোৱাৰ দৃশ্য আমি ইতিমধ্যেই আপোনালোকক দেখুৱাইছো । এই খবৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিচতেই ৰাতুল দত্তই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াক সম্পূৰ্ণৰূপে মিথ্যা হিচাপে আখ্যা দিছে ৷
লগতে পঢ়ক : Allegation of Irregularities: মাজুলীত চৰকাৰী কাৰ্যালয়ত মুকলিকৈ ধন সংগ্ৰহৰ অভিযোগ
শেহতীয়াকৈ এই ঘটনা সন্দৰ্ভত জিলা আয়ুক্ত কাবেৰী বি শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । জিলা আয়ুক্তগৰাকীয়ে কয় এই গোটেই বিষয়টো নিজে তদাৰক কৰি আছে । কিছু সময়ৰ পাচতে তদন্ত প্ৰতিবেদন লাভ কৰিব বুলিও জানিবলৈ দিছে উপায়ুক্ত কাবেৰী বি শৰ্মাই । তদন্তৰ প্ৰতিবেদন ওপৰত ভিত্তি কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস আয়ুক্তগৰাকীৰ ।
লগতে পঢ়ক : Accused govt employee denies bribe allegation: উৎকোচৰ অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ ৰাতুল দত্তৰ