thumbnail

By

Published : Jun 23, 2023, 5:34 PM IST

ETV Bharat / Videos

Illegal brick kilns:দৰং জিলা প্ৰশাসনে ছীল কৰিলে কেইবাটাও ইটাভাটা

দৰং, 23 জুন : অবৈধভাৱে চলি থকা ইটাভাটাৰ বিৰুদ্ধে দৰং জিলা প্ৰশাসনৰ আভিযান ৷ জিলাখনত অভিযান চলাই কেইবাটাও স্থানত ছীল কৰিলে কেইবাটাও ইটাভাটা ৷ মঙলদৈস্থিত STK আৰু MAA ইটাভাটা দুটাও ছিল কৰিলে প্ৰশাসনে ৷ 

ইফালে অবৈধ ভাবে চলি থকা দৰং জিলাৰ মুঠ ১৬ টা ইটাভাটা ছীল কৰে ৷ উল্লেখযোগ্য যে দৰং জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে থকা ইটাভাটা সমুহ পৰিদৰ্শন কৰি নথি-পত্ৰ বৈধতাৰ পৰীক্ষা কৰে ৷ উপযুক্ত নথি-পত্ৰ নথকাত কেইবাটাও ইটাভাটা ছীল কৰিলে ৷ দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত জিন্টিমণি ডেকা আৰু মঙলদৈ ৰাজহ চক্ৰ বিষয়া নয়নজ্যোতি পাঠকৰ নেতৃত্বত যোৱা দলটিয়ে বৈধ নথি-পত্ৰৰ অভাৱত ছিল কৰিলে ইটাভাটা কেইটা ৷

‘জিলাখনত বৰ্তমান প্ৰায় 42 টাকৈ ইটাভাটা আছে ৷ বহুতো ইটাভাটাত বৰ্তমান প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ প্ৰমাণ পত্ৰ নাই ৷ সেই সকল ইটাভাটাৰ বিৰুদ্ধে অভিযান চলি থাকিব’ বুলি মন্তব্য কৰে দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত জিন্টিমণি ডেকাই ৷

লগতে পঢ়ক:Manipur violence: সংঘৰ্ষ জৰ্জৰ মণিপুৰলৈ শান্তি ঘূৰাই আনিবলৈ কেন্দ্ৰক অসমৰ বিশিষ্ট নাগৰিকৰ আহ্বান

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.