ETV Bharat / state

আদিবাসী বাচাও সংগ্ৰামত ২০২৬ চনৰ পূৰ্বেই জনজাতিকৰণৰ দাবী আছাৰ - AAASA Demand ST

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

AAASA protest in Tinsukia : ফিল'বাৰীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত 'আদিবাসী বাচাও সংগ্ৰাম' ৷ বিশাল সমাৱেশেৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ আছা ৷

AAASA protest in Tinsukia
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ 'আদিবাসী বাচাও সংগ্ৰাম' (ETV Bharat)

তিনিচুকীয়া, ৩০ ছেপ্টেম্বৰ: সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত দেওবাৰে তিনিচুকীয়া জিলাৰ ফিল'বাৰীত অনুষ্ঠিত হয় এক বিশাল সমাৱেশ । এই সমাৱেশত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসীসকলৰ সমস্যা সমাধান নকৰিলে বিজেপি চৰকাৰক প্ৰত্যুত্তৰ দিব বুলি সকীয়নি ক্ষুব্ধ জনতাৰ । 'আদিবাসী বাচাও সংগ্ৰাম'ত ১ কোটি ৫০ লাখ আদিবাসী লোকক চৰকাৰে কৰা বঞ্চনাৰ প্ৰতিবাদত আয়োজিত এই সমাবেশত ১০ সহস্ৰাধিক জনতাই সমস্বৰে ক'লে-বিজেপি চৰকাৰ হুঁচিয়াৰ ।

জনজাতিৰ স্বীকৃতি প্ৰদান নকৰিলে প্ৰত্য়ুত্তৰ দিব চৰকাৰক

আদিবাসীসকলক জনজাতিৰ স্বীকৃতি প্ৰদানৰ লগতে মাটিৰ পট্টা দিয়াৰ দাবী জনাই আদিবাসী বাচাও প্ৰতিবাদী সভাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাগে কয়," আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসীসকলৰ এই সমস্যাসমূহ সমাধান কৰিবই লাগিব । এই সমস্য়া সমাধান নকৰিলে অসমত বসবাস কৰা ১ কোটি ৫০ লাখ আদিবাসী লোকে বিজেপিক প্ৰত্যুত্তৰ দিবলৈ সাজু আছো ।"

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ 'আদিবাসী বাচাও সংগ্ৰাম' (ETV Bharat Assam)

স্বায়ত্তশাসিত পৰিষদ ঘোষণা কৰাৰ দাবী আছাৰ

জিলাখনৰ ফিল'বাৰী চাহ বাগিচা খেলপথাৰত হাজাৰ হাজাৰ চাহ জনগোষ্ঠী আৰ্থাৎ আদিবাসী লোকৰ উপস্থিতিত আদিবাসীসকলক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা, আদিবাসীসকলক লৈ স্বায়ত্তশাসিত পৰিষদ ঘোষণা,আদিবাসীসকলক ভূমিপট্টা প্ৰদান কৰা, জাতি-উপজাতিৰ নামত জাতিগত প্ৰমাণপত্ৰ, চাহ শ্ৰমিকৰ মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰে । এই সমাৱেশত তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০ সহস্ৰাধিক আদিবাসী ৰাইজে ' আদিবাসীসকলক লৈ স্বায়ত্তশাসিত পৰিষদ ঘোষণা কৰক','আদিবাসীসকলক ভূমিপট্টা প্ৰদান কৰক','বিজেপি চৰকাৰ হুঁচিয়াৰ','জাতি-উপজাতিৰ নামত জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰক ' আদি শ্ল’গানেৰে ফিল’বাৰীৰ আকাশ বতাহ কপাই তোলে ।

লগতে পঢ়ক:জনজাতিকৰণৰ দাবীৰে লখিমপুৰত চুতীয়া ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট - ST Demand

জনজাতিকৰণৰ দাবীত কলিয়াবৰত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - ST demand

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.