Model Hospital in Nagaon: দগাঁও আদৰ্শ চিকিৎসালয় ৰাইজৰ বাবে মুকলি বিধায়ক আমিনুল ইছলামৰ - Mla Aminul Islam inaugurates hospital in Nagaon
🎬 Watch Now: Feature Video
Published : Sep 19, 2023, 10:30 AM IST
নগাঁও, ১৯ ছেপ্টেম্বৰ: বৃহত্তৰ জুৰীয়াবাসীয়ে লাভ কৰিলে এখন আদৰ্শ চিকিৎসালয় । সোমবাৰে জুৰীয়াৰ দগাঁও আদৰ্শ চিকিৎসালয় ৰাইজৰ বাবে মুকলি কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে । কেইবা কোটি টকা ব্যয় সাপেক্ষে আটকধুনীয়াকৈ নিৰ্মাণ কৰা আদৰ্শ চিকিৎসালয় মুকলি কৰাত এতিয়াৰে পৰা চিকিৎসালয়খনতে উন্নত চিকিৎসা লাভ কৰিব জুৰীয়াবাসীয়ে । বৃহত্তৰ জুৰীয়াৰ দগাঁও, অলিটাঙনি, বলুচৰকে ধৰি অঞ্চলটোৰ ৰাইজৰ উন্নত চিকিৎসাৰ বাবে আদৰ্শ চিকিৎসালয় মুকলি কৰাৰ পিছত উৎফুল্লিত জুৰীয়াবাসী ।
আদৰ্শ চিকিৎসালয়খন মুকলি কৰি বিধায়ক অমিনুল ইছলামে নতুনকৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা চিকিৎসালয়ৰ নতুন কমিটী গঠন হোৱাৰ লগতে চিকিৎসালয়খনত আদৰ্শ চিকিৎসালয়ৰ নিয়ম অনুযায়ী বিশেষজ্ঞ চিকিৎসক, পৰ্যাপ্ত চিকিৎসা কৰ্মী নিয়োগ কৰিবলৈ চৰকাৰক আহ্বান জনায় ।
প্ৰায় ডেৰ লাখ লোকে বসবাস কৰা বৃহত্তৰ অঞ্চলটোৰ লোকসকলে উন্নত চিকিৎসাৰ বাবে নগাঁও অথৱা গুৱাহাটীলৈ যোৱাৰ পৰিৱৰ্তে দগাঁও আদৰ্শ চিকিৎসালয়তে এই সুবিধা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে বিধায়ক অমিনুল ইছলামে । এই চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্যকলৈয়ো সন্তুষ্টি প্ৰকাশ কৰে বিধায়ক অমিনুল ইছলামে ।
লগতে পঢ়ক: Karam Festival 2023: ওদালগুৰিৰ মাজুলী চাহ বাগিচাত দ্বিতীয় বাৰ্ষিক কৰম উৎসৱ উদযাপন