Press conference:বৰপেটা প্ৰেছ ক্লাৱত ভুৱা অধিবক্তা বুলি আটক কৰা ফাৰুক খানৰ সংবাদমেল - ফাৰুক খানৰ সংবাদমে
🎬 Watch Now: Feature Video
Published : Oct 4, 2023, 7:55 PM IST
বৰপেটা, ৪ অক্টোবৰ : বৰপেটা প্ৰেছ ক্লাৱত ডি ভোটাৰ মঞ্চৰ সম্পাদক ফাৰুক খানৰ সংবাদমেল ৷ ডি ভোটাৰ মঞ্চৰ নামত ডি ভোটাৰক প্ৰৱঞ্চনা আৰু আইনী কাম কাজত হস্তক্ষেপ কৰা আৰু ভুৱা অধিবক্তা হিচাপে অভিযুক্ত ফাৰুক খানে বুধবাৰে সংবাদমেল যোগে বৰপেটাৰ উকীল সন্থাৰ অভিযোগ নাকচ কৰে ৷ আনকি তেওঁৰ বিৰুদ্ধে উকীল সন্থাই কিয় এজাহাৰ দাখিল নকৰিলে বুলিহে প্ৰশ্ন তোলে ৷
ফাৰুক খানে সংবাদমেলত কয় যে, ডিটেনছন কেম্পৰ পৰা জামিনত ওলাই অহা লোকসকলক লৈ প্ৰকাশ কৰা এখন গোহাৰিপত্ৰ বিতৰণ আৰু আইনী সহায়তা বিচাৰি যোৱাৰ সময়তে তেওঁক একাংশ অধিবক্তাই শাৰিৰীকভাৱে আক্ৰমণ কৰে ৷ বিশেষকৈ ডিটেনছন কেম্পৰ পৰা ওলাই অহা লোকসকলে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত নিয়মিতভাৱে স্থানীয় থানাত হাজিৰা দি থাকিব লাগে ৷ ইয়াৰ ফলত ডি ভোটাৰসকল হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৷ উক্ত সমস্যাৰ সমাধানৰ বাবে আইনী সহায় বিচাৰি এজন অধিবক্তাৰ ওচৰলৈ যোৱাৰ সময়ত একাংশ অধিবক্তাই তেওঁক মাৰপিট কৰা বুলি ওলোটাই অভিযোগ তোলে ফাৰুক খানে ৷
ডিটেনছন কেম্পত আৱদ্ধ হৈ থকাৰ পিচত ওলাই অহা ৰাজ্যখনৰ প্ৰায় দুহেজাৰ ডি ভোটাৰে নিয়মিত থানাত হাজিৰা দি থাকিবলগীয়া সমস্যাৰ সমাধান বিচাৰি যোৱাৰ বাবেই তেওঁ অপদস্থ হ’ব লগা হয় বুলিও প্ৰকাশ কৰে ৷ আনকি বৰপেটাৰ একাংশ অধিবক্তাৰ বিৰুদ্ধে ফাৰুক খানে আৰক্ষীক এজাহাৰ দাখিল কৰা বুলিও জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : D Voter Issue: ডি ভোটাৰ বিতৰ্কত যোৰহাটত আমছু খিলঞ্জীয়াৰ প্ৰতিবাদ