thumbnail

By

Published : Apr 28, 2023, 9:46 PM IST

ETV Bharat / Videos

Customs Department operation: বৃহৎ কৰফাঁকিৰে অসমলৈ সৰবৰাহ ম্যানমাৰৰ সামগ্ৰী

নগাঁও, ২৮ এপ্ৰিল : বৃহৎ কৰফাঁকিৰে অসমত চলি আছে ম্যানমাৰৰ বিভিন্ন সামগ্ৰীৰ বেহা (Myanmar goods smuggling to Assam) । ম্যানমাৰৰ পৰা অসমলৈ প্ৰায়েই সৰবৰাহ হয় ম্যানমাৰৰ বিভিন্ন সামগ্ৰী । বৃহস্পতিবাৰে নিশা নগাঁৱৰ কঠিয়াতলিৰ ৰেং বেঙত সীমা শুল্ক বিভাগে চলোৱা এক অভিযানত পোহৰলৈ আহিছে এই তথ্য (Customs Department operation in Nagaon) ।

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে নিশা সীমা শুল্ক বিভাগে অভিযান চলায় নগাঁৱৰ ৰেং বেঙত । সীমা শুল্ক বিভাগে চলোৱা অভিযানত জব্দ হয় ম্যানমাৰৰ পৰা সৰবৰাহ কৰা বহু জেনেৰটৰ (customs department seized smuggling goods from Myanmar) । মণিপুৰৰ নৈশবাছত সৰবৰাহ হৈছিল জেনেৰেটৰসমূহ ।

কৰফাঁকিৰে ভাৰতলৈ নিতৌ ম্যানমাৰৰ পৰা নৈশ বাছেৰেই সৰবৰাহ হৈছে ইলেকট্ৰ'নিক সামগ্ৰী । কঠিয়াতলিৰ ৰেং বেঙৰ পৰাই সীমা শুল্ক বিভাগে জব্দ কৰে বৈদ্যুতিক সামগ্ৰীসমূহ । ম্যানমাৰৰ পৰা অসমলৈ সৰবৰাহ কৰাৰ পথত বৈদ্যুতিক সামগ্ৰীসমূহ জব্দ কৰাৰ পিছতেই চীনত নিৰ্মাণ কৰা সামগ্ৰীও বৰ্তমান ভাৰতলৈ ম্যানমাৰৰ মাজৰে সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বিভিন্নজনে ।

লগতে পঢ়ক :CMs Vigilance Notice : সাংসদ অজিত ভূঞালৈ মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ জাননী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.