thumbnail

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 12:24 PM IST

ETV Bharat / Videos

উৰুকাৰ মাছ ক্ৰয় কৰিবলৈ লখিমপুৰত গ্ৰাহকৰ হেতা-ওপৰা

লখিমপুৰ,১৪ জানুৱাৰী: আজি ভোগালীৰ উৰুকা । অসমীয়া ৰাইজৰ হেঁপাহৰ ভোগালীৰ উৰুকাৰ নিশা ভেলাঘৰত মাছে-মঙহে লগে ভাগে সম্প্ৰীতিৰ এসাঁজ খাবলৈ ৰাইজৰ ব্যাপক আয়োজন । অন্যান্য প্ৰস্তুতিৰ সমানে মাছ-মঙহৰ যোগাৰত আজি পুৱতি নিশাৰ পৰাই ৰাইজে বজাৰত ভিৰ কৰা পৰিলক্ষিত হয় । বিভিন্ন মাছৰ বজাৰসমূহত শীতৰ সেমেকা পূৱতি নিশাৰ পৰা ক্ৰেতা-বিক্ৰেতাৰ কোলাহলত মুখৰ হৈ পৰে ।  

লখিমপুৰ জিলাৰ বিভিন্ন স্থানৰ মাছৰ বজাৰসমূহত এই পৰিৱেশ সৃষ্টি হয় । নগৰৰ সমীপৰ পানীগাঁৱৰ মাছৰ বজাৰখনত পুৱতি নিশাৰ পৰা মুখৰ হৈ উঠে । মাজুলী, সোৱণশিৰি আদি বিভিন্ন স্থানৰ পৰা এইখন বজাৰলৈ বিক্রেতাই ভোগালীৰ মাছ বিক্রী কৰিবলৈ আনে । প্ৰতিবছৰে উৰুকাৰ দিনা পুৱতি নিশাৰ পৰা এই মাছৰ বজাৰখনত ক্ৰেতা-বিক্ৰেতাৰ ভিৰ পৰিলক্ষিত হয় । পাইকাৰী বেপাৰীসকলে যি দৰে নিশাই এই বজাৰখনৰ পৰা মাছ নি অন্য স্থানত বিক্ৰী কৰে তেনেদৰে ৰাইজেও পোহৰ হোৱাৰ আগতেই মনৰ পচন্দৰ সতেজ মাছ এটা ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগাই বজাৰসমূহত । 

লগতে পঢ়ক: উৰুকাৰ পুৱাই মাজুলীৰ শ্ৰীৰাম গাঁৱত সমূহীয়া মাছ ধৰা কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.