Complaints of low quality mobile sales: ভুৱা বিজ্ঞাপন দেখুৱাই গ্ৰাহকক প্ৰবঞ্চনাৰ অভিযোগ

🎬 Watch Now: Feature Video

thumbnail

গুৱাহাটী,২৩ ছেপ্টেম্বৰ: মহানগৰীৰ বশিষ্ঠ চাৰিআলিত থকা এখন মোবাইল বিপণীৰ বিৰুদ্ধে গ্ৰাহকক প্ৰবঞ্চনা কৰাৰ অভিযোগ । ভুৱা বিজ্ঞাপন দেখুৱাই গ্ৰাহকক আকৰ্ষিত কৰি নিম্ন মানদণ্ডৰ মোবাইল বিক্ৰী কৰাৰ অভিযোগ বিপণীখনৰ বিৰুদ্ধে । হিতেশ দাস নামে এজন গ্ৰাহকে উত্থাপন কৰিছে এই অভিযোগ । F-EX নামে বিপণীখনৰ পৰা iPhone ক্ৰয় কৰাৰ ছমাহ নহওঁতেই বিকল হৈ পৰিল ফোনটো ।  

বিপণীখনলৈ আহি অভিযোগ দিয়াত এই সমস্যা সমাধানৰ দায়িত্ব বিপণীখনৰ নহয় বুলি দায়সৰা মন্তব্য দিয়ে F-EX কৰ্তৃপক্ষই । আনহাতে হিতেশে APPLE প্ৰতিষ্ঠানৰ সতে যোগাযোগ কৰোঁতে এনে সমস্যা পূৰ্বতে নোহোৱাৰ লগতে এয়া বিপণীখনেই সমাধান কৰিবলগীয়া সমস্যা বুলি মন্তব্য কৰে । এতিয়া বিমোৰত পৰি বশিষ্ঠ আৰক্ষী থানাৰ লগতে গ্ৰাহক সুৰক্ষা আইনৰ কাষ চাপিছে ভুক্তভোগী গ্ৰাহক হিতেশ দাসে ।  

লগতে পঢ়ক: Singer Arun Das falls ill: অসুস্থ ৯০ দশকৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰুণ দাস; স্বাস্থ্যৰ বুজ ল'লে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.