thumbnail

By

Published : Nov 12, 2022, 10:39 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

ETV Bharat / Videos

Oil tanker seized: টীয়কত ক্ৰুড অইল কঢ়িওৱা টেংকাৰ জব্দ

পুনৰ বৃদ্ধি পাইছে উজনিত তেল চুৰি চক্ৰৰ সক্ৰিয়তা । আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যোৰহাট জিলাৰ টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ সন্মুখত তালাচী চলোৱা সময়ত জব্দ কৰে চোৰাংকৈ ক্ৰুড অইল কঢ়িওৱা এখন টেংকাৰ(Crude oil seized in Teok) । জানিব পৰা মতে NNL01A6636 নম্বৰৰ টেংকাৰখনে উজনিৰ শিৱসাগৰ জিলাৰ পৰা যোৰহাট অভিমুখে আহি থকা অৱস্থাতে জব্দ কৰাৰ লগতে চালকসহ আন এজন লোকক আটক কৰে আৰক্ষীয়ে(Two people arrested with Crude oil) । উল্লেখযোগ্য যে কিছুদিন পূৰ্বে গোলাঘাট জিলাৰ দেৰগাঁও আৰু যোৰহাট জিলাৰ হাঁহচৰাত তেল চোৰ চক্ৰই তেল পৰিবাহী পাইপত ভাল্ভ বহুৱাই তেল চুৰি কৰা কাৰ্য পোহৰলৈ অহাৰ পাছত পুনৰ চোৰাং তেল ভৰ্তি টেংকাৰ জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । যোৰহাট জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়ে অৱগত কৰা অনুসৰি সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত চলাব ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.