CRPF Civic Action programme : টীয়কত ছাত্ৰ-ছাত্ৰীক চি আৰ পি এফৰ ক্ৰীড়া সামগ্ৰী বিতৰণ - কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী
🎬 Watch Now: Feature Video
Published : Nov 10, 2023, 10:21 PM IST
টীয়ক, ১০নৱেম্বৰ : কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ১১৯ নং বেটেলিয়ানৰ উদ্যোগত শুক্ৰবাৰে টীয়ক হাইস্কুলৰ খেলপথাৰত জনসম্পৰ্কৰ অৰ্থে এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । উক্ত অনুষ্ঠানত বৃহত্তৰ টীয়ক সমষ্টিৰ অন্তৰ্গত টীয়ক হাইস্কুল,টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, পীড়াকটা মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়, টীয়ক মজলীয়া বালিকা বিদ্যালয়, বলমা চিকেবি হাইস্কুল, বামণপুখৰী হাইস্কুলকে আদি কৰি কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ক্ৰিকেট, ফুটবল আৰু ভলীবলৰ সামগ্ৰী বিতৰণ কৰা হয় ।
এই কাৰ্যসূচীয়ে ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ সৈতে আৰক্ষীৰ সম্পৰ্ক সুচল কৰাৰ লগতে সমাজৰ পৰা অপসংস্কৃতি আঁতৰাই ৰাখিব বুলি আশা প্ৰকাশ কৰে উদ্যোক্তাসকলে । উক্ত অনুষ্ঠানত চি আৰ পি এফৰ ১১৯ বেটেলিয়ানৰ কমাণ্ডেন্ট বিকাশ কুমাৰ সিংহা, ঊষা সিং, উপ কমাণ্ডেন্ট বিনাম্মা জোচেফ, টীয়ক প্ৰেছ ক্লাৱৰ উপদেষ্টা ৰিজু কুমাৰ শইকীয়া, টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গংগা ফুকন, টীয়কৰ কেইবাখনো বিদ্যালয়ৰ মুৰব্বীৰ লগতে শিক্ষক,অভিভাৱক উপস্থিত থাকি সহযোগিতা আগবঢ়ায় । ইপিনে, উক্ত অনুষ্ঠানৰ আৰম্ভণিতে টীয়ক হাইস্কুলৰ ছাত্ৰ- ছাত্ৰীসকলে এক সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে ।