77th independence day; লক্ষ্য: ঘৰে ঘৰে পতাকা, নলবাৰীত CRPF ৰ বাইক ৰেলী
🎬 Watch Now: Feature Video
নলবাৰী, 14 আগষ্ট : ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ দ্বাৰা উদযাপিত স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচীৰ উপলক্ষে নলবাৰীৰ সৰিয়হতলীস্থিত চিআৰাপিএফৰ 136 বাটেলিয়ানৰ নেতৃত্বত ঘৰে ঘৰে পতাকা (ঘৰ ঘৰ ত্ৰিৰংগা) অভিযানৰ আয়োজন কৰা হয় ।
এই অভিযান সফল কৰাৰ উদ্দেশ্যে সোমবাৰে পুৱাই সঁৰিয়হতলীস্থিত 136 নং বেটেলিয়নৰ চিআৰপিএফৰ মুখ্য কাৰ্যালয়ৰ পৰা এক বাইক ৰেলি বাহিৰ কৰা হয় ৷ এই বাইক ৰেলিটো চিআৰপিএফৰ সঁৰিয়হতলী মুখ্য কাৰ্যালয়ৰ পৰা আৰম্ভ হৈ কাঁচিমপুৰকে ধৰি মুঠ 15 কিলোমিটাৰ বাট অতিক্ৰম কৰি পুনৰ মুখ্য কাৰ্যালয়ত সামৰণি পৰে ।
এই বাইক ৰেলিত বেটেলিয়ানটোৰ ভাৰপ্ৰাপ্ত CO তথা ছেকেণ্ড ইন কমাণ্ডৰ ধৰ্মেন্দ্ৰ কুমাৰ ঝাই ৰাষ্ট্ৰীয় পতাকাৰ মহত্বৰ বিষয়ে ৰাইজক অৱগত কৰে । লগতে ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰি নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ আহ্বান জনায় ।
এই অনুষ্ঠানত 136 বেটেলিয়ানৰ ছেকেণ্ড ইন কমাণ্ডেন্ট সুখী দেৱযানী দেৱী, উপ অধিনায়ক অমিত কিশোৰৰ লগতে বেটেলিয়ানৰ বিষয়া জোৱান ৷ এই কাৰ্যসূচীতে চিআৰাপিএফৰ শ্বহীদ সহায়ক উপ নিৰীক্ষক নিৰোধ শৰ্মাৰ পত্নী বীৰ নাৰী জোনালী দেৱীক চিআৰাপিএফৰ মুখ্যালয়ত আমন্ত্ৰিত কৰি সন্মানিত কৰে ৷
লগতে পঢ়ক : 77th independence day : লখিমপুৰত CRPF ৰ উদ্যোগত ঘৰে ঘৰে ত্ৰিৰংগ পতাকা শীৰ্ষক সমদল