নৱনির্মিত চকীঘাট দলঙত সূৰ্যাস্তৰ নান্দনিক দৃশ্য উপভোগ ৰাইজৰ - Chowkighat bridge
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-01-2024/640-480-20405754-thumbnail-16x9-jia-08-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 1, 2024, 7:38 PM IST
তেজপুৰ, ১ জানুৱাৰী : ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত কোনোৱে যদি বনভোজলৈ গৈছে, কোনোৱে আকৌ বন্ধুবৰ্গৰ সৈতে ফুৰিবলৈ গৈছে । ইয়াৰ মাজতে শোণিতপুৰত জীয়া ভৰলী নদীৰ ওপৰত নৱনিৰ্মিত দ্বিতীয়খন দলং চকীঘাটত বিশেষ দৃশ্য দেখা গৈছে । যাত্ৰীৰ বাবে দলংখনৰ দুয়োদিশ আজি মুকলি কৰা হৈছে । লগে লগে দলঙৰ ওপৰত যাত্ৰীসকলে ভিৰ কৰা দেখা গৈছে । চকীঘাট দলঙৰ তলতো বহু বনভোজৰ দলে ভিৰ কৰিলে । ইফালে কিছু সময়ৰ বাবে ৰৈ দলঙৰ ওপৰৰ পৰা সকলোৱে সূৰ্যাস্তৰ নান্দনিক দৃশ্যও উপভোগ কৰিলে । কিন্তু দলঙৰ ওপৰত দেখা নগ'ল এগৰাকীও আৰক্ষীৰ জোৱানক । যাক লৈ উদ্বেগ প্ৰকাশ কৰিছে একাংশ সচেতন লোকে ।
উল্লেখ্য যে দলংখন মুকলিৰ লগে লগে তেজপুৰবাসীৰ দীৰ্ঘদিনীয় সমস্যাৰ সমাধান হ'ল । এতিয়া তেজপুৰ আৰু জামুগুৰিহাটৰ মাজৰ দূৰত্বও কমি আহিল । শোণিতপুৰ জিলাৰ সদৰ তেজপুৰ আৰু চতিয়া সমষ্টিৰ জামুগুৰিহাট সংযোগী ১.২ কিলোমিটাৰ এই চাৰিলেনযুক্ত দলংখনে যোগাযোগৰ ক্ষেত্ৰত প্ৰায় ৩৫ কিলোমিটাৰ দূৰত্ব হ্ৰাস কৰিব ।
লগতে পঢ়ক :চিচিবৰগাঁও উপ-জিলা কাৰ্যালয় স্থাপনৰ দাবীত অৱস্থান ধৰ্মঘট