Anti drugs operation in Diphu: ডিলাইত ড্ৰাগছসহ এজনক আটক

🎬 Watch Now: Feature Video

thumbnail

ডিফু,১৪ ফেব্ৰুৱাৰী: ৰাজ্যজুৰি অব্যাহত ড্ৰাগছ বিৰোধী অভিযান(Anti drugs operation in Assam) । প্ৰান্তে প্ৰান্তে অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে কোটি কোটি টকাৰ নিচাজাতীয় দ্ৰব্য । আটক কৰা হৈছে অজস্ৰ সৰবৰাহকাৰীক (Drugs peddlers arrested in Assam) । কিন্তু তথাপিও ৰোধ হোৱা নাই নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ । অন্যান্য প্ৰান্তৰ দৰে অসম-নাগেলেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ মাজেৰেও অব্যাহত আছে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৷

জিলাখনৰ মাজেৰে নিতৌ ন ন কৌশল ব্যৱহাৰ কৰি ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য সৰবৰাহ কৰি আহিছে সৰবৰাহকাৰীয়ে ৷ আৰক্ষীৰ নিছিদ্ৰ তালাচী অভিযানৰ মাজতো মৰসাহ কৰি সৰবৰাহকাৰীয়ে বৰবিহ সদৃশ মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় চলায়েই আছে ৷ সোমবাৰে নিশা পুনৰ নতুন কৌশলেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা কৰি আৰক্ষীৰ আৰু চিআৰপিএফৰ জালত পৰে পশ্চিম বংগৰ এটা ড্ৰাগছ সৰবৰাহকাৰী(Cross Worth Suspected Morphine Seized in Dilai) ৷ 

সোমবাৰে সন্ধিয়াৰ ভাগত এক গোপন খবৰৰ ভিত্তিত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চি ২০ চিআৰপিএফ সহযোগত ডিলাই তিনি আলিত নাকা চেকিং বহায় ৷ নাকা চেকিঙত ডিমাপুৰৰ দিশৰ পৰা আহি থকা পশ্চিম বংগৰ পঞ্জীয়নভূক্ত WB 16 AV নম্বৰৰ এখন আই ১০ গাড়ীত তালাচী চলাই বাহনখনৰ নম্বৰ প্লেটৰ কাষত কৌশলেৰে গোপন কক্ষ সাজি লুকুৱাই অনা অৱস্থাত প্ৰায় ১ কেজি ওজনৰ সন্দেহযুক্ত মৰফিন জব্দ কৰিবলৈ সক্ষম হয়(Anti drugs operation in Diphu) ৷ 

এই সন্দৰ্ভত বাহনখনৰ চালক পশ্চিম বঙ্গ নিৱাসী মঃ ইছমাইলৰ পুত্ৰ নুৰ মহম্মদক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত মৰফিন খিনিৰ বজাৰ মূল্য প্ৰায় তিনি কোটি টকা হব বুলি অনুমান কৰা হৈছে(Drugs seized in Diphu) ৷ মৰফিনখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত জব্দ কৰা হয় ৷ অধিক তথ্যৰ বাবে আটকাধীন সৰবৰাহকাৰীটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক: MLA Rupak Sharma: নগাঁৱক নতুন ৰূপত গঢ়াৰ সংকল্প বিধায়ক ৰূপক শৰ্মাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.