thumbnail

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 9:57 AM IST

ETV Bharat / Videos

Road accident at Sonari : শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন উদীয়মান ক্ৰিকেটাৰ

ডিব্ৰুগড়, 12 অক্টোবৰ : চৰাইদেউ জিলাৰ সোণাৰিত বুধবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ৰৈ থকা AS 23 BC 3293 নম্বৰৰ এখন টাটা ডি আই গাড়ীত পিছফালৰ পৰা খুন্দা মাৰে AS-33-A-0569 Hero Splendor মটৰ চাইকেলখনৰ আৰোহীয়ে । ফলত ঘটনাস্থলীতে নিহত হয় মটৰ চাইকেল আৰোহীগৰাকী ৷

জানিব পৰা মতে, নিহত মটৰ চাইকেল আৰোহীগৰাকী হৈছে টিয়কঘাটৰ বিশাল শইকীয়া (23) । তথ্য অনুসৰি, বিশালে সোণাৰিৰ পৰা বুধবাৰে নিশা নিজ ঘৰলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় ৷ নিহত বিশাল শইকীয়া হৈছে এগৰাকী উদীয়মান ক্ৰিকেটাৰ ৷

23 বছৰীয়া এগৰাকী উদীয়মান ক্ৰিকেটাৰ বিশাল শইকীয়াৰ অকাল মৃত্যুত সমগ্ৰ চৰাইদেউ জিলাখনতে এতিয়া শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Arunodaya card distribution : বিশ্বনাথত অৰুণোদই ২.০ ৰ শুভ উদ্বোধন কৰে সাংসদ পল্লৱলোচন দাসে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.