অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত বৰপেটাত চিপিআই এমৰ বিক্ষোভ কাৰ্যসূচী

By

Published : Jul 15, 2023, 4:37 PM IST

thumbnail

বৰপেটা, ১৫ জুলাই : বজাৰত এতিয়া খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভূতপূৰ্ব দাম ৷ ঔষধৰ পৰা আৰম্ভ কৰি গেছ-চিলিণ্ডাৰ, শাক-পাচলি, চাউল-দাইল আৰু মিঠাতেললৈকে আকাশলংঘী দাম ৷ 

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত শনিবাৰে বৰপেটাত চিপিআই এমে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু চিপিআই এমৰ জিলা সমিতিৰ নেতৃত্বত শনিবাৰে বৰপেটা চহৰৰ মাজেৰে সমদল কৰি বিক্ষোভ প্ৰদৰ্শন কৰে চিপিআই এমে  ৷ চিপিআই এমৰ কৰ্মীসকলে মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধিৰ বিৰুদ্ধে সকলো ৰাইজ একগোট হওঁক, মূল্যবৃদ্ধি কিয় হৈছে মোদী চৰকাৰ জবাব লাগে জবাব দিয়ক আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

বৰপেটা জিলা পুঁথিভৰালৰ সন্মুখৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ বৰপেটা চহৰৰ মাজেৰে আগবঢ়া প্ৰতিবাদী সমদলকাৰীক আদবাটতে বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ জিলা উপায়ুক্ত কাৰ্যালয়ললৈ আগবঢ়া সমদলকাৰীসকলক জিলা নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখত বেৰিকেড বহুৱাই বাধা প্ৰদান কৰে আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে ৷ পিচত পথ সভা এখন সম্বোধন কৰি জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় ৷

ইপিনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ নীতিৰ বাবেই ৰাজ্যত মূল্যবৃদ্ধি হোৱাৰ অভিযোগ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ৷ চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত থকা নিয়ন্ত্ৰণ উঠাই দিয়াৰ বাবেই ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা বুলি অভিযোগ তোলে বিধায়কগৰাকীয়ে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীকো তীব্ৰ সমালোচনা কৰে  মনোৰঞ্জন তালুকদাৰে ৷

লগতে পঢ়ক : AASU protest against price hike in Jorhat: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাইজক, ৰাজ্যজুৰি আছুৰ বিক্ষোভ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.