অসমক ধাৰত পোত নিয়াই ৰিণিকি ভূঞাৰ উন্নতি সাধিছে হিমন্ত বিশ্ব শৰ্মাই: চিপিআই এম এল - Himanta Biswa Sarma

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 6:01 PM IST

ৰহা, 23 নৱেম্বৰ: ‘‘হিমন্ত হাটাও, অসম বচাও’’ এই শ্ল'গানেৰে ৰহাত CPI (ML)ৰ বিশাল জনজাগৰণ সভা । বৃহস্পতিবাৰে ৰহা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত CPI (ML) দলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁক সৰ্বকালৰ প্ৰতাৰক মুখ্যমন্ত্ৰী আখ্যা দিয়ে । হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলোৱা নাই, বেপাৰ চলাইছে বুলি তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে অসমখনক ধাৰত পোত নিয়াই ৰিণিকি ভূঞা শৰ্মাৰ বিকাশ কৰিছে বুলিও কটাক্ষ কৰে দলটোৱে । শতাধিক মহিলা উপস্থিত থকা সভাখনত দলটোৰ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মা পুনৰ গাদীলৈ আহিলে অসম ৰসাতলে যাব বুলি মন্তব্য কৰে । ইপিনে হিমন্ত বিশ্ব শৰ্মাই কৃষক, মহিলাক প্ৰতাৰণা কৰা বুলিও অভিযোগ কৰে দলটোৰ মহিলা নেতৃত্বই । ইয়াৰ আগতে দলটোৱে ৰহাত এক জনজাগৰণ সমদলো বাহিৰ কৰে ।

লগতে পঢ়ক: বিজেপিৰ টিকট পাবলৈ ভাল হ’ব লাগিব ৰিপ’ৰ্ট কাৰ্ড; পল্লৱ লোচন দাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.