thumbnail

By

Published : May 22, 2023, 11:00 PM IST

ETV Bharat / Videos

Cowherd protest in Jonai: মুনমুনি মাজি আলি চাপৰিত গো-পালকৰ অভিনৱ প্ৰতিবাদ

জোনাই, ২২ মে': কেবাশতাধিক গৰু-মহ লৈ গো-পালকে সোমবাৰৰে পৰা পুনৰ আন্দোলন আৰম্ভ কৰিছে জোনাইৰ মুনমুনি-মাজি আলি চাপৰিৰ পৰা (Cowherd protest continued in Jonai) ৷ কেবাশতাধিক ম'হ-গৰু লৈ যাত্ৰা আৰম্ভ কৰে গো-পালকসকলে জোনাইৰ মহকুমাধিপতিৰ কাৰ্যালয় অভিমুখে ৷ জোনাইৰ এই গো-পালকসকলে নিজৰ নিজৰ গৰু-ম'হ লৈ পদযাত্ৰা কৰি জোনাইৰ মহকুমা প্ৰশাসনক গৰু-ম'হবোৰ চমজাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে (Jonai Land Dispute) ৷  

১৯৯২ চনতে মুনমুনি মাজি আলি চাপৰিৰ মুঠ ১৮ হাজাৰ বিঘা মাটিকালি চৰণীয়া পথাৰ হিচাপে ঘোষণা কৰিছিল মহকুমা ৰাজহ বিভাগে জোনাইৰ গো-পালক সকলৰ বাবে ৷ এই চৰণীয়া পথাৰত প্ৰায় শতাধিক  গো-পালকে হাজাৰ হাজাৰ গৰু-ম'হ পুহি নিজৰ জীৱিকা অৰ্জন কৰিছিল (Cowherd protest in Jonai) ৷  

কিন্তু যোৱা ২০০৬ চনৰ এই চৰনীয়া পথাৰত বেদখল কৰি খেতি-বাতি আৰম্ভ কৰাত বিপাঙত পৰে গো-পালক সকল ৷ এই বিষয়ে বহু বছৰৰ পৰা জোনাই ৰাজহ আৰু মহকুমা প্ৰশাসনক অবগত কৰাৰ পিছতো বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে  কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত নহ'ল ৷ সেয়ে এনে ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে গো-পালকসকলে (Allegations of land encroachment) । 

লগতে পঢ়ক: Teachers protest: হাতে হাতে টেবলেট লৈ শিক্ষক সমাজৰ অভিনৱ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.