thumbnail

By

Published : Apr 9, 2023, 2:16 PM IST

ETV Bharat / Videos

River embankment construction scam : শিলচৰত মথাউৰি নিৰ্মাণত ব্যাপক কেলেংকাৰীৰ অভিযোগ কংগ্ৰেছৰ

শিলচৰ,৯ এপ্ৰিল : বাৰিষা সমাগত । পুনৰ বানৰ ভয়ত কঁপিছে ৰাজ্যবাসী । কিন্তু বানে ভাঙি থৈ যোৱা বহু মথাউৰি আৰু পথ আজিও নিৰ্মাণ হোৱা নাই । কোনো কোনো স্থানত মেৰামতিৰ কাম আৰম্ভ হৈছে যদিও সেইবোৰত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে । যোৱা বছৰ শিলচৰত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল । কিন্তু বানৰ ফলত ক্ষতিগ্ৰস্ত মথাউৰি আৰু পথ মেৰামতিৰ ক্ষেত্ৰত চূড়ান্ত অৱহেলা প্ৰশাসন তথা চৰকাৰৰ (Corruption in embankment construction)। এই অভিযোগ কাছাৰ জিলাৰ কংগ্ৰেছৰ ।

শনিবাৰে জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালৰ নেতৃত্ব এটা প্ৰতিনিধি দলে নিৰ্মীয়মান মথাউৰি আৰু পথৰ কামৰ অগ্ৰগতি বুজ লৈ এই অভিযোগ কৰে (Congress visits under construction dam)। দলটোৱে শিৱবাড়ী পথ আৰু বেটুকান্দি বান্ধৰ কাম নিৰীক্ষণ কৰে । বিগত বছৰৰ বানপানীৰ ভয়াৱহতাক আঙুলিয়াই দি কংগ্ৰেছৰ জিলা সভাপতি অভিজিৎ পালে কয় যে বানপানীৰ ভয়াৱহতাক অতিক্ৰম কৰি বিজেপিৰ নেতা-মন্ত্ৰীসকলে শিলচৰলৈ আহি অতি সোনকালে মথাউৰিসমূহ মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিছিল ।

কিন্তু ইমান দিনে শুই থকা চৰকাৰে বাৰিষাৰ প্ৰাকক্ষণত যুদ্ধকালীনভাৱে ৱৰ্ক অৰ্ডাৰ জাৰি কাম আৰম্ভ কৰিছে । ইফালে মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'লে পুনৰ শিলচৰ বানত বুৰ যাব বুলিও আশংকা ব্যক্ত কৰে কংগ্ৰেছ নেতাগৰাকীয়ে (Scam in construction of dam in Silchar)। আনহাতে বেটুকান্দি বান্ধৰ চলি থকা কাম অতি নিম্নমানৰ বুলিও তেওঁ অভিযোগ কৰে । শ্লুইছ গেট নিৰ্মাণৰ ক্ষেত্ৰতো বহু বিজুতি আছে বুলি তেওঁ অভিযোগ কৰে ।

কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে শিৱবাৰী পথ পৰিদৰ্শন কৰি কয় যে পথটোৰ বৰ্তমানৰ অৱস্থাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Demand for construction of road)। দল-সংগঠন আৰু ৰাইজৰ প্ৰতিবাদকো কোনো গুৰুত্ব নিদিয়াৰ বাবে প্ৰশাসন তথা চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । অতিশীঘ্ৰে কামৰ বিসংগতিৰ ক্ষেত্ৰত তদন্ত কৰি দুৰ্নীতিত জড়িত ঠিকাদাৰ তথা বিষয়া-কৰ্মচাৰীক শাস্তি প্ৰদানৰ দাবী জনায় কংগ্ৰেছ নেতাগৰাকীয়ে ।

লগতে পঢ়ক :Corruption in embankment construction : মথাউৰি নিৰ্মাণত বৃহৎ দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.