Gas cylinder contained water: ৰন্ধন গেছৰ চিলিণ্ডাৰত গেছৰ পৰিৱৰ্তে ওলাল পানী - Water in gas cylinder
🎬 Watch Now: Feature Video
নলবাৰী, 29 মাৰ্চ: প্ৰতিটো পৰিয়ালৰ বাবে আজিৰ যুগত ৰন্ধন গেছৰ চিলিণ্ডৰ অপৰিহাৰ্য হৈ পৰিছে ৷ ভোকৰ ভাত মুঠি সিজাবলৈকে ৰন্ধন গেছৰ চিলিণ্ডাৰটো নহ’লেই নহয় ৷ কিন্তু ৰন্ধন গেছৰ উত্তাপৰ তুলনাত ইয়াৰ মূল্যৰ উত্তাপ যেন জনতাৰ বাবে সহিব নোৱৰা হৈ পৰিছে ৷ আপুনি বাৰু এটা চিলিণ্ডাৰৰ বাবে কিমান টকা ভৰিব লগীয়া হয় ? বৰ্তমান এটা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 1152 টকা যদিও বিভিন্ন অঞ্চলত ইয়াৰ দাম 1150 ৰ পৰা 1200 পৰ্যন্ত সংগ্ৰহ কৰা হয় ৷ কিন্তু 1200 টকীয়া গেছৰ চিলিণ্ডাৰত যেতিয়া গেছৰ সলনি পানী ওলাই, তেতিয়া যেন মাধমাৰ শোধোৱাতকৈও অধিক বেছি হৈ পৰে ৰাইজৰ বাবে (Cooking gas cylinder price in Assam) ৷
নলবাৰীৰ মুকালমুৱা টেঘেৰিয়াট্টাৰীত সংঘটিত হৈছে এনে এক ঘটনা ৷ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ভিতৰত গেছৰ পৰিৱৰ্তে ওলাল পানী । টেঘেৰিয়াট্টাৰীৰ নাৰায়ণ কলিতা নামৰ লোকজনে কেইদিনমান পূৰ্বে ক্ৰয় কৰিছিল চিলিণ্ডাৰটো । লোকজনে নাৰায়ণপুৰত থকা Hello Indane Gramin Vitarak নামৰ ইণ্ডেন কোম্পানীৰ গেছ এজেঞ্চীটোৰ পৰা চিলিণ্ডাৰটো ক্ৰয় কৰিছিল (Gas cylinder contained water)।
লোকজনে চিলিণ্ডাৰটো দুদিন ব্যৱহাৰ কৰাৰ পিছতে নজ্বলা হোৱাত চিন্তিত হৈ পৰিছিল । ভুক্তভোগী লোকজনে জনোৱামতে চিলিণ্ডাৰটো ক্ৰয় কৰি নিয়াৰ দুদিন পিচতে নজ্বলা হৈ পৰে । যাৰ বাবে লোকজনে অন্য কিছু বিজুতিৰ সন্দেহত গেছ পাইপ আৰু চুলাৰ সামগ্ৰী, লাইটাৰ পৰ্যন্ত সলনি কৰাইছিল । পৰৱৰ্তী সময়ত তাতো সুফল নাপায় লোকজনে চিলিণ্ডাৰটো পৰীক্ষা কৰাত সকলো ওলাই পৰে (Water in gas cylinder)।
চিলিণ্ডাৰটো পৰীক্ষা কৰি তেওঁ গম পালে যে, চিলিণ্ডাৰটো পানীৰে ভৰ্তি হৈ আছে । বুধবাৰে লোকজনে গেছ এজেঞ্চীটোলৈ গৈ চিলিণ্ডাৰটো সলনি কৰি লয় । লোকজনে অতিৰিক্ত ৩০০ টকা দিয়াৰ পিচতহে বেলেগ এটা চিলিণ্ডাৰ যোগান ধৰে এজেঞ্চীটোৱে । আনহাতে, গেছ এজেঞ্চীটোৰ কৰ্মচাৰী সকলৰ মন্তব্য অনুসৰি একাংশ চিলিণ্ডাৰ প্লান্টৰ পৰাই পানী ভৰ্তি হৈ আহে । চিলিণ্ডাৰত পানী ওলোৱা সন্দৰ্ভত এজেঞ্চীৰ কোনো ভুল নাই বুলি মন্তব্য কৰে তেওঁলোকে (Nalbari cylinder news) ।