মৰাণৰ অইল ইণ্ডিয়াৰ বিৰুদ্ধে স্থানীয় ঠিকাদাৰ সন্থাৰ প্ৰতিবাদ - OIL contractor protest

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 3:39 PM IST

মৰাণ, 23 নৱেম্বৰ: মৰাণত অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অইল ঠিকাদাৰ সন্থা । বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ মৰাণৰ অইল ইণ্ডিয়াৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত ঠিকাদাৰসকলে অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । অইল কৰ্তৃপক্ষই থলুৱা ঠিকাদাৰসকলৰ জীৱন-জীৱিকাৰ সমস্যাৱলী সমাধান নকৰাৰ প্ৰতিবাদত মৰাণ অইল ঠিকাদাৰ সন্থা আৰু টিংখাং অইল ঠিকাদাৰ সন্থাৰ ১২০ জনকৈ ঠিকাদাৰে অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰে । 

অইল কৰ্তৃপক্ষই চক্ৰান্তমূলকভাৱে অইলৰ পঞ্জীয়নভুক্ত ঠিকাদাৰ হটাও অভিযানত নামি পৰিছে বুলি অভিযোগ তুলিছে ঠিকাদাৰসকলে । অইলৰ কাম সমূহ পেকেজ চিষ্টেম কৰি PWDৰ পঞ্জীভুক্ত ঠিকাদাৰকে আদি কৰি অইলৰ বাহিৰৰ অন্যান্য ঠিকাদাৰক টেণ্ডাৰ কৰিবলৈ সুবিধা দি অইলৰ পঞ্জীয়নভুক্ত ঠিকাদাৰক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ চলাইছে বুলি অইল কৰ্তৃপক্ষক দোষাৰোপ কৰিছে ঠিকাদাৰসকলে । 

যাৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা কৰ্মবিৰতি পালন কৰি ঠিকাদাৰসকলে দুলীয়াজান অইলৰ ঠিকা বিভাগৰ মহাপ্ৰৱন্ধক, মৰাণৰ উপ-মুখ্য অভিযন্তা অসামৰিক বিভাগ আৰু মৰাণ অইল ইণ্ডিয়াৰ মহাপ্ৰৱন্ধকলৈ পৃথকে পৃথকে ২৪ টাকৈ দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: হাতীৰ ত্ৰাসৰ মাজতে দেখা দিলে গঁড়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.