Cattle seized in Bokakhat: বোকাখাতত গৰুভৰ্তি কণ্টেইনাৰ জব্দ

By

Published : Oct 26, 2022, 12:21 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

গৰুৰ অবৈধ সৰবৰাহকাৰী এইবাৰ নতুন কৌশল(Cattle smuggled in Assam) ৷ এইবাৰ কণ্টেইনাৰ গাড়ীত সৰবৰাহ অবৈধ গৰু ৷ বোকাখাত আৰক্ষীয়ে জব্দ কৰে এখন কণ্টেইনাৰসহ প্ৰায় ৪১ টা গৰু(Police seized vehicle loaded with cattle) । আৰক্ষীয়ে জব্দ কৰা কণ্টেইনাৰখনৰ নম্বৰ AS01CC8143 । আৰক্ষীৰ চকুত ধৰা নপৰিবৰ বাবে গাড়ীৰ চলকে গাড়ীৰ নাম্বাৰ সলনি কৰি 3 ৰ স্থানত কলা ৰং সানি 8 কৰা পৰিলক্ষিত হয় । আৰক্ষীয়ে গৰুসহ আটক কৰে গৰু সৰবৰাহৰ সৈতে জড়িত চামগুৰি বৰমাৰ মহম্মদ মফিজুদ্দিন নামৰ চালকজনক(Cattle smuggler arrested by Bokakhat Police) । উল্লেখ্য যে মঙলবাৰেও বোকাখাত আৰক্ষীয়ে নাকা চেকিং বহুৱাই এখন স্ক'ৰপিঅ' গাড়ীৰ পৰা অবৈধভাৱে সৰবৰাহ কৰা ৬ টাকৈ গৰু উদ্ধাৰ কৰাৰ লগতে দুজনক আটক কৰিছিল ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.