Cattle smuggling in Assam: চাবুৱাত গৰুভৰ্তি কণ্টেইনাৰ জব্দ ৰাইজৰ - Cattle smuggling in Assam
🎬 Watch Now: Feature Video
মৰাণ, ১৯ জুন: ৰাজ্য চৰকাৰে চোৰাং গৰু ব্য়ৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তেই একাংশই অবৈধ ভাৱে চলাই গৈছে এই বেহা । ইতিমধ্যে আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ কৰিছে অবৈধভাৱে সৰবৰাহ কৰা গৰু । এইবাৰ ডিব্ৰুগড়ৰ চাবুৱাত দেওবাৰে নিশা গৰু ভৰ্তি কণ্টেইনাৰ জব্দ কৰিলে স্থানীয় ৰাইজে ।
উল্লেখ্য় যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা কণ্টেইনাৰখনত হঠাৎ ধোঁৱা ওলোৱা বাবেই চালকে এৰি যায় । ইয়াৰ পাচতেই ৰাইজে কণ্টেইনাৰখন পৰীক্ষা কৰাত উদ্ধাৰ হয় বহুকেইটা গৰু । ইউ পি ২১ বি এন ৮৮৩০ নম্বৰৰ কণ্টেইনাৰখনত ৫০ টা গৰু আছে বুলি স্থানীয় ৰাইজৰ সন্দেহ । কণ্টেইনাৰখন তিনিচুকীয়া জিলাৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল । গাড়ীৰ পৰা চালকজনে পলায়ন কৰে যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গাড়ীসহ গৰুকেইটা জব্দ কৰে ।
লগতে পঢ়ক:Illegal liquor seized : চিমেন চাপৰিত আবকাৰী বিভাগৰ অভিযানত জব্দ সুৰা, 3 জন আটক