উৰুকাৰ উছাহ: যোৰহাটৰ নিউভিল ৰোডৰ পাচলি বজাৰত গ্ৰাহকৰ ভিৰ - Magh Bihu
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/14-01-2024/640-480-20506590-thumbnail-16x9-jorhat.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 14, 2024, 5:14 PM IST
যোৰহাট, 14 জানুৱাৰী : ভোগালীক আদৰাৰ বাবে ৰাজ্যৰ চৌদিশে ওখল-মাখল পৰৱেশে বিৰাজ কৰিছে ৷ ইফালে পুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰসমূহত গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷ উৰুকৰা নিশা লগে ভাগে পৰিয়ালৰ সৈতে যাতে এসাঁজ খাব পাৰে তাৰ বাবে নিজৰ পছন্দৰ মাছ- মাংসৰ বাবে বজাৰত গ্ৰহাকৰ ভিৰ বাঢ়িছে ৷ সমান্তৰালকৈ পাচলিৰ বজাৰতো ভিৰ বাঢ়িছে গ্ৰাহকৰ ৷ যোৰহাটৰ নিউভিল ৰোডৰ পথৰ দাঁতিত দেওবাৰে পাচলিৰ বিশেষ এখন বজাৰ বহে ৷ য’ত নিজৰ পছন্দৰ পাচলি ক্ৰয় কৰিবলৈ বজাৰত গ্ৰাহকৰ ভিৰ হোৱা পৰিলক্ষত হয় ৷
যোৰহাটৰ নিউভিল ৰোডৰ বিশেষ পাচলি বজাৰত উভৈনদী কাঠ আলু আৰু মোৱা আলু আদিকে কৰি বিভিন্ন শাক-পাচলি ৷ ইফালে অন্যান্য বজাৰসমুহৰ তুলনাত নিউভিল ৰোডত বহা বজাৰখনত পাচলিৰ দাম কম বুলি উল্লেখ কৰিলে বিক্ৰেতাই ৷ নিজৰ পছন্দৰ পাচলি কম দামত ক্ৰয় কৰিবলৈ পাই সুখী বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে ক্ৰেতাই ৷
লগতে পঢ়ক : টীয়কৰ কলিয়াপানী বজাৰত ভোগালীৰ উছাহ