thumbnail

By

Published : Sep 2, 2022, 3:39 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / Videos

এতিয়াও অনিশ্চয়তাত মাজুলী-যোৰহাট দলং নিৰ্মাণ কাৰ্য

মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ সপোনৰ মাজুলী-যোৰহাট দলং (Majuli Jorhat bridge) । কিন্তু যোৱা চাৰিমাহৰ পৰা বন্ধ হৈ থকা মাজুলীবাসীৰ সপোনৰ দলংখনৰ কাম বন্ধ হৈ আছিল (Construction of Majuli Jorhat bridge is still in uncertainty) ৷ শুকুৰবাৰে পুৱাই মাজুলীত ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ অতিৰিক্ত সঞ্চালক প্ৰধান সঞ্জয় কুমাৰ নিৰ্মল উপস্থিত হৈ নিৰ্মানস্থলীৰ কাম পৰিদৰ্শন কৰে (NH Authority Additional Directorate General Sanjay Kumar Nirmal) । নিৰ্মাণস্থলী পৰিদৰ্শন কৰি নিৰ্মানৰত কোম্পানীৰ বিষয়া-ইঞ্জিনীয়াৰৰ ওপৰত জাঙুৰ খাই উঠে বিষয়াগৰাকী ৷ অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে বিচৰা প্ৰতিবেদন সঠিক ৰূপত দিব পৰা নাই কোম্পানীৰ বিষয়াই ৷ এতিয়াও অনিশ্চয়তাতে আছে মাজুলী যোৰহাট দলং নিৰ্মাণৰ কাম ৷ ইতিমধ্যে বিষয়াগৰাকীয়ে বিসংগতিৰ প্ৰতিবেদন দাখিল কৰিছে বিভাগীয় কৰ্তৃপক্ষক ৷ দায়িত্বভাৰ গ্ৰহণ কৰা অভিযন্তাই অনুমোদন দিলেহে আৰম্ভ কৰা হ’ব নিৰ্মান কাৰ্য ৷ বিষয়াগৰাকীৰ লগত আৰু দিল্লীৰ বহু কেইজন ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰৰ উচ্চ পদস্ত বিষয়াও উপস্থিত থাকে ৷ এতিয়া প্ৰশ্ন হয় যে মাজুলীৰ দুই লক্ষ জনসাধাৰণৰ সপোনৰ যোৰহাট মাজুলী দলঙৰ কাম পুনৰ হ’বনে ?
Last Updated : Feb 3, 2023, 8:27 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.