মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ সোণাৰিত আটক কংগ্ৰেছী প্ৰতিবাদকাৰী - Congress protesters arrested for protesting against price hike

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 20, 2022, 9:19 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ৰাজ্য়জুৰি মূল্য বৃদ্ধিৰ বিৰুদ্ধে অব্য়াহত আছে প্ৰতিবাদ(Protest against price hike in Assam)। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দিনত মূল্য বৃদ্ধিয়ে ভয়াবহ ৰূপ ধাৰণ কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । সেয়েহে মূল্য বৃদ্ধিৰ সমস্যা সমাধানৰ দাবীত নিতৌ ৰাজপথত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ। ৰাইজৰ অভিযোগ মতে,পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া ড৹হিমন্ত বিশ্ব শৰ্মা(CM Dr Himanta Biswa Sarma)নেতৃত্বাধীন চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ হৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত। সেয়েহে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোণাৰিত চৰাইদেউ জিলা কংগ্ৰেছে শনিবাৰে জনালে প্ৰতিবাদ(Congress protest against prie hike in Sonari)। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই(Youth Congress President Ankita Dutta)। সোণাৰিৰ ৰাজীৱ ভৱনৰ পৰা ওলোৱা সমদলটোক সোণাৰি আৰক্ষীয়ে বাধা প্ৰদান কৰাত ৰাজীৱ ভৱনৰ সন্মুখত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰো । চৰকাৰৰ গণতান্ত্ৰিক আন্দোলনক ৰোধ কৰিব বিচৰা নীতিৰ কঠোৰ সমালোচনা কৰে যুৱ কংগ্ৰেছৰ সভানেত্ৰী গৰাকীয়ে। পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সোণাৰি আৰক্ষীয়ে আটক কৰে যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তসহ শতাধিক প্ৰতিবাদকাৰীক ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.