Protest against BJP: ৰাহুল গান্ধীক ৰাৱণৰ সৈতে ৰিজোৱাৰ বিৰুদ্ধে নলবাৰীত প্ৰতিবাদ কংগ্ৰেছৰ - নলবাৰী জিলা কংগ্ৰেছৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video


Published : Oct 7, 2023, 7:45 PM IST
নলবাৰী, ৭ অক্টোবৰ : বিজেপিৰ টুইটাৰ হেণ্ড'লত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৰাৱণ হিচাপে আখ্যা দিয়াৰ পিচতেই সৰৱ হৈছে কংগ্ৰেছৰ নেতা-কৰ্মী । বিজেপিৰ এই অশোভনীয় আচৰণ অগণতান্ত্ৰিক কাৰ্য বুলি আখ্য়া দি ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নলবাৰী জিলা কংগ্ৰেছ । ৰাজ্যিক নেতৃত্বৰ আহ্বান মৰ্মে জিলা সভাপতি ৰাতুল পাটোৱাৰীৰ নেতৃত্বত উলিওৱা হয় এক প্ৰতিবাদী সমদল ।
ৰাজীৱ ভৱন প্ৰাংগণৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলটোত কংগ্ৰেছ কৰ্মী সকলে 'জে পি নাড্ডা হায়!হায় !' 'নৰেন্দ্ৰ মোদী হায়!হায় !' 'আমাৰ নেতা ৰাহুল গান্ধী জিন্দাবাদ' আদি বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । জিলা সভাপতি ৰাতুল পাটোৱাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপি শিষ্টাচাৰ নজনা দল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ সভাপতি জেপি নাড্ডা, মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাৰ শিষ্টাচাৰৰ অভাৱ । তেওঁ ৰাহুল গান্ধীক ৰাৱণ আখ্যা দিয়া নেতাসকলক ভাৰতৰ জনতাৰ ওচৰত ক্ষমা খুজিবলৈও দাবী উত্থাপন কৰে ।
লগতে পঢ়ক:Protest against BJP : ৰাহুল গান্ধীক ৰাৱণ চৰিত্ৰৰ সৈতে ৰিজোৱাৰ বিৰুদ্ধে প্ৰতিবাদ