MP Gaurav Gogoi: বিজেপিয়ে সদায় কংগ্রেছক বদনাম কৰিব বিচাৰে; অভিযোগ গৌৰৱ গগৈৰ - মণিপুৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-08-2023/640-480-19251709-thumbnail-16x9-gaurav.jpg)
নগাঁও, 12 আগষ্ট: মণিপুৰৰ ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতাক লৈ আকৌ সৰৱ সাংসদ গৌৰৱ ৷ দেওবাৰে গৌৰৱ গগৈয়ে বিজেপিক উদ্দেশ্যি কয় যে বিজেপিয়ে কেৱল কংগ্ৰেছক গালি পাৰে, সমালোচনা কৰে, বিজেপিয়ে সদায় কংগ্ৰেছক বদনাম কৰিব বিচাৰে ৷ কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰক লৈ সদনত তেওঁৰ ভাষণত কোনো কথা প্ৰকাশ নকৰিলে ৷
প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ প্ৰসংগ উল্লেখ কৰি কিয় তেওঁ আজিলৈকে মণিপুৰত উপস্থিত হ’ব নোৱাৰিলে বুলি সদনত প্ৰশ্ন কৰা হৈছিল বুলি উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে তাৰ উত্তৰ আমি নাপালো ৷ বিজেপিয়ে নিজৰ ৰাজনৈতিক সুবিধাৰ সুবিধাৰ বাবে য’তেই ইচ্ছা কৰে তাতেই মুখ্যমন্ত্ৰী সলনি কৰে বুলি উল্লেখ কৰি অসমৰ উদাহৰণ দাঙি ধৰি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে ৷ সেইগৰাকী মুখ্যমন্ত্ৰীৰ চৰকাৰক ইমান ভয়ংকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পাচতো কিয় ভংগ কৰা নাই তাৰ বিশেষ কাৰণ কি আছে বুলিও প্ৰশ্ন উত্থাপন কৰে গৌৰৱ গগৈয়ে ৷
লগতে পঢ়ক: Constituency delimitation: চূড়ান্ত তালিকা মানি লৈ নিৰ্বাচনত যুঁজিবলৈ সাজু অসম কংগ্ৰেছ