Barak Bandh: বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থক গ্ৰেপ্তাৰ, টনা-আঁজোৰাত আঘাতপ্ৰাপ্ত কমলাক্ষ্য - Constituency delimitation protest

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 27, 2023, 3:56 PM IST

কৰিমগঞ্জ, 27 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে উত্তাল বৰাক উপত্যকা ৷ মঙলবাৰে আহ্বান জনোৱা বন্ধৰ মাজতে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই অহা উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে গ্ৰেপ্তাৰ হয় বিধায়কগৰাকী ৷ বৰাকৰ বাবে, অসমৰ ৰাইজৰ বাবে বাৰে বাৰে গ্ৰেপ্তাৰ হ’বলৈও ভয় নকৰে বুলি সদৰী কৰে বিধায়ক পুৰকায়স্থই ৷ DSP গীতাৰ্থ দেৱশৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখৰ পৰা গ্ৰেপ্তাৰ কৰে বিধায়কগৰাকীৰ লগতে আন কেইবাগৰাকীও কংগ্ৰেছ নেতাক ৷

বন্ধৰ সময়ত আৰক্ষীৰ সৈতে হোৱা টনা-আঁজোৰাত হয় আহত উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ ৷ ইতিমধ্যে তেওঁক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে । হাত আৰু দুয়োখন ভৰিত আঘাত পাইছে বিধায়কগৰাকীয়ে । কৰিমগঞ্জত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জিম্মাৎ লৈছে যদিও বন্ধ বা আন্দোলন কোনোটোৱেই স্থবিৰ হোৱা নাই । 12 ঘণ্টীয়া বৰাক বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে বৰাকৰ চহৰসমূহত ৷

লগতে পঢ়ক: money seized from fake DC : তেজপুৰত গ্ৰেপ্তাৰ হোৱা ভুৱা উপায়ুক্তই চাকৰি দিয়াৰ প্ৰলোভনৰে সংগ্ৰহ কৰিছিল বৃহৎ পৰিমাণৰ ধন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.