নিৰ্বাচনী হিংসা উত্তৰ কাছাৰ পাৰ্বত্যৰ জিলাৰ বাবে বেয়া সংকেত: জিলা কংগ্ৰেছ সভাপতি সমৰজিত হাফলংবাৰ
🎬 Watch Now: Feature Video
Published : Dec 26, 2023, 1:57 PM IST
হাফলং, 26 ডিচেম্বৰ : উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচনী হিংসাৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে পাহাৰীয়া জিলাখনত ৷ সোমবাৰে নিশা দুটাকৈ সংঘটিত নিৰ্বাচনী হিংসাত্মক ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰে ৷
উল্লেখ্য যে, সোমবাৰে নিশা মাইবাঙত কংগ্ৰেছৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰা ঘটনাৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকক দুৰ্বৃত্তই আক্ৰমণ কৰিছিল ৷ তাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমৰজিত হাফলংবাৰে ৷ তেওঁ কয়, ‘‘মাইবাং ব্লক কংগ্ৰেছ কাৰ্যালয়ত অগ্নিসংযোগ কৰি দুৰ্বৃত্তই জ্বলাই দিয়াৰ চেষ্টা কৰিছিল ৷ এনে কাৰ্য নিন্দনীয় ৷ এইসকল দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যাৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনে ৷ দুৰ্বৃত্তই জিলাখনত অশান্তিকৰ পৰিৱেশ সৃষ্টিৰ বাবে চেষ্টা কৰি আছে ৷ পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে দুৰ্বৃত্তই যি হিংসাৰ পৰিৱেশ সৃষ্টি কৰিছে সেয়া বেয়া সংকেত ৷’’
লগতে পঢ়ক : ডিমা হাছাওৰ চেমখৰ সমষ্টিত নিৰ্বাচনী হিংসা, দুৰ্বৃত্তৰ আক্ৰমণত আহত দুজন