Bharat Jodo Yatra's first anniversary: ভাৰত জোড়ো যাত্ৰাৰ এবছৰীয়া বৰ্ষপূতি উপলক্ষে ডিব্ৰুগড়ত কংগ্ৰেছৰ বিশাল সমদল - কংগ্ৰেছ নেতা ৰাহুল গান্ধী
🎬 Watch Now: Feature Video


Published : Sep 7, 2023, 10:45 PM IST
ডিব্ৰুগড়, ৭ ছেপ্টেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই এটা বছৰ অতিক্ৰম কৰিলে । ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাক লৈ শাসক দল বিজেপিয়ে তীব্ৰ সমালোচনা কৰিলেও দেশবাসীৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল ৰাহুল গান্ধীয়ে । এই ভাৰত জোড়ো যাত্ৰাৰ এবছৰীয়া বৰ্ষপূতি উপলক্ষে বৃহস্পতিবাৰে ডিব্ৰুগড় জিলা কংগ্ৰেছে এক বিশাল সমদল বাহিৰ কৰে ।
অসম বিধান সভাৰ বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনৰ নেতৃত্বত কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে এই সমদলত অংশলৈ বিজেপি বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আমোলত দুৰ্নীতি অনিয়ম, মুল্য বৃদ্ধি, স্বৈৰাচাৰ, গণতন্ত্ৰৰ চূড়ান্ত স্খলন সংঘটিত হোৱাৰ গুৰুত্ব অভিযোগ উত্থাপন কৰি কংগ্ৰেছ প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি ডিব্ৰুগড়ৰ পৰাই কংগ্ৰেছৰ পুনৰ জয়যাত্ৰা সূচনা হ'ব বুলি দাবী কৰে ।
আগন্তুক INDIA গঠন হোৱাত ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপি বিৰোধী ঐক্যমঞ্চৰ হাতত বিজেপিৰ পৰাজয় হোৱাটো নিশ্চিত বুলি কয় কংগ্ৰেছ নেতাগৰাকীয়ে ।
লগতে পঢ়ক: Bharat Jodo Yatra: সহস্ৰাধিক কংগ্ৰেছ কৰ্মীক লগত লৈ সোণাৰিত ভূপেন বৰাৰ পদযাত্ৰা