thumbnail

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 8:49 PM IST

ETV Bharat / Videos

Congress Protest at Tezpur: তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ, প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ

তেজপুৰ, 7 অক্টোবৰ : তেজপুৰত শোণিতপুৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদ ৷ বিজেপিয়ে সামাজিক মাধ্যমত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৰাৱণৰ ফটোৰে তুলনা কৰাৰ পিচত সমগ্ৰ দেশতে কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ শনিবাৰে তেজপুৰ আদালত চাৰিআলিতো প্ৰতিবাদী সমদল বাহিৰ কৰি প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীয়ে ৷

‘‘নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ এগৰাকী প্ৰধানমন্ত্ৰীয়ে বৰ্তমান নিজৰ দলটোৰ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে এইক্ষেত্ৰত কিয় মৌনতা অৱলম্বন কৰিছে ! বৰ্তমান ৰাহুল গান্ধীৰ জনপ্ৰিয়তাত বিজেপি দলে ভয় খাইছে ৷ পূৰ্বতে পাপু বুলি বহুৱালী কৰি এইবাৰ ৰাৱণৰ লগত সামাজিক মাধ্যম যোগে প্ৰচাৰ চলাই বিজেপিয়ে নিজৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ৷’’ এই মন্তব্য প্ৰতিবাদকাৰী কংগ্ৰেছ নেতাৰ ৷

লগতে পঢ়ক:Arunachal Pradesh GI Tag: অৰুণাচলৰ য়াক চুৰ্পি, খামতি চাউল আৰু টাংচা বস্ত্ৰই পালে জি আই টেগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.