Shiladitya Dev controversy: নামাজৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি বিপদত শিলাদিত্য দেৱ ! - জ্যেষ্ঠ অধিবক্তা আনোৱাৰ হুছেইন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 1, 2023, 8:03 PM IST

গুৱাহাটী, ১ আগষ্ট: সঘনাই বিতৰ্কিত মন্তব্য কৰি চৰ্চাত থকা বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে এইবাৰ নামাজৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি বিপদত পৰিছে । দিছপুৰ আৰক্ষী থানাত এই সন্দৰ্ভত বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আনোৱাৰ হুছেইন, জুনেইদ খালিদ আৰু হাবিব আহমেদে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু কৰা হৈছে এই গোচৰ ।

উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাকেইজনে প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱক শান্তি-শৃংখলা ভংগ কৰিব পৰা মন্তব্য কৰাৰ পৰা বিৰত থকাৰ বাবে আহ্বান জনায় ৷ তেওঁলোকে বিজেপি নেতাগৰাকীক ৰাজনৈতিক মুনাফা লাভ কৰিবলৈ যাওঁতে ঘৃণাৰ বিষবাষ্প সৃষ্টি নকৰিবলৈ হুমকিয়াই দিয়ে ।

উল্লেখ্য যে ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদৰ চেয়াৰমন তথা প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে চাৰিদিন পূৰ্বে আজানৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিছিল । তেওঁ আজান বন্ধ হ’ব লাগে বুলি কোৱাৰ লগতে আজান দিলে মছজিদলৈ চুৰ-ডকাইতক আমন্ত্ৰণ দিয়া বুলি মন্তব্য কৰিছিল । 

লগতে পঢ়ক: AITMC slams Assam CM: হিমন্ত বিশ্ব শৰ্মাই অসমত দৰিদ্ৰতাৰ অভিলেখ সৃষ্টি কৰাৰ অভিযোগ তৃণমূল কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.