Quiz Competition in Jonai: চিমেন চাপৰিত AJYCP ৰ উদ্যোগত প্ৰতিযোগিতাৰ আয়োজন - চিমেন চাপৰিত AJYCP ৰ উদ্যোগত প্ৰতিযোগিতাৰ আয়োজন
🎬 Watch Now: Feature Video


Published : Oct 25, 2023, 2:52 PM IST
জোনাই, ২৫ অক্টোবৰ: অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিমেন চাপৰি আঞ্চলিকৰ অন্তৰ্গত ৰংপুৰীয়া-দাংধৰা শাখা সমিতৰ নেতৃত্বত সুপ্ত প্ৰতিভাক উৎসাহিত কৰাৰ ব্যতিক্ৰমী কৰ্মসূচীৰ প্ৰস্তুতি চলিছে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিমেন চাপৰি আঞ্চলিকৰ উদ্য়োগত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বৌদ্ধিক,শৈক্ষিক আৰু মানসিক দিশৰ উৎকৰ্ষ সাধনাৰ উদ্দেশ্যৰে অহা ২৮ অক্টোবৰত অনুষ্ঠিত হ'ব অন্তঃবিদ্যালয় প্ৰাইজমানি প্ৰতিযোগিতা ।
কুইজ প্ৰতিযোগিতাখনি 'ক' শাখাত পঞ্চমৰ পৰা সপ্তম শ্ৰেণীলৈকে আৰু 'খ' শাখাত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে প্ৰতিযোগী সকলক ভাগ কৰা হ'ব । একেদৰে অনুষ্ঠিত হ'ব তৰ্ক আৰু আধুনিক নৃত্য প্ৰতিযোগিতা । প্ৰতিযোগিতাত বিজয়ী সকলক নগদ ধনৰে পুৰস্কৃত কৰা হ'ব । ৯৮৬৪৯৯১৭৪৩ নম্বৰত যোগাযোগ কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকলক আয়োজক সমিতিয়ে আহ্বান জনাইছে ।
লগতে পঢ়ক:AIUDF Chief Badruddin Ajmal: আকৌ আহিল নিৰ্বাচন, আৰম্ভ হ’ল আজমলৰ জৰা-ফুকাৰ ৰাজনীতি