Community Marriage: কলিয়াবৰত সমূহীয়া বিয়া-উপনয়ন সম্পন্ন
🎬 Watch Now: Feature Video
কলিয়াবৰ,১৩ মে': শুকুৰবাৰে হাতীয়েখোৱা গাঁৱত বিৰাজ কৰে উৎসৱমুখৰ পৰিৱেশে । এখন ৰভাৰ তলতে একেলগে মাহ-হালধি সানি বিয়াত বহিল বহিল কেইবাজনো, সম্পন্ন হ'ল উপনয়নো (Community wedding ceremony held in Kaliabor) । কলিয়াবৰৰ হাতীয়েখোৱা ৰাইজে নামঘৰ প্ৰাঙ্গনত সম্পন্ন কৰিলে সমূহীয়া বিবাহ আৰু উপনয়ন অনুষ্ঠান (Community Marriage) ।
সম্পূৰ্ণ মাংগলিক ৰীতি-নীতি আৰু ধৰ্মীয় পৰম্পৰাৰে হাতীয়েখোৱা নামঘৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰে অনুষ্ঠান (Mass Marriage at Kaliabar) । কিছু ঘৰুৱা আৰু আৰ্থিক অসুবিধাৰ বাবে বৈবাহিক ৰীতি-নীতি, পৰম্পৰাৰে বিয়া আৰু উপনয়নৰ মাংগলিক কাৰ্যসূচী সম্পন্ন হোৱা নাছিল । অৱশেষত গাঁৱৰ ৰাইজে হোমৰ অগ্নিক সাক্ষী কৰি এখন ৰভাৰ তলতে দৰা-কইনাক পাতি দিলে বিয়া, সম্পন্ন কৰি দিলে উপনয়ন ।
লগতে পঢ়ক: Karnataka Poll Update: সৰ্বকালৰ সৰ্ব ব্যৰ্থ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা: ৰকিবুল হুছেইন