Community Marriage: ব'হাগতে বিয়াত বহিল ১৮ যোৰা দৰা কইনা - Community Marriage

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 25, 2023, 12:55 AM IST

কলিয়াবৰ, ২৪ এপ্ৰিল: জন্ম, মৃত্যু, বিবাহ এয়া অদৃশ‍্যৰ হাতত । তথাপিও এখন গাঁৱত এইবাৰ কিন্তু ৰাইজে একেলগে ১৮ যোৰাকৈ দৰা-কইনাক এই ব’হাগতে বিয়া পাতি দিলে বিয়া । এখন ৰভাৰ তলতে একেলগে মাহ-হালধি সানিলে ১৮ যোৰাকৈ দৰা-কইনাই । বিভিন্ন কাৰণত সামাজিকভাৱে বিবাহ সম্পন্ন হোৱা নাছিল এই ১৮ যোৰা দৰা-কইনাৰ (Community Marriage At Kaliabor) ।  

কলিয়াবৰৰ নিজ চিলাবন্ধা গাঁৱৰ ৰাইজে দেখুৱালে মহানুভৱতা । নিজ চিলাবন্ধা আদি পন্থা সমাজৰ সৌজ্যনত সমূহীয়া বৈবাহিক অনুষ্ঠান সম্পন্ন কৰা হয় গাঁওখনত । এক উৎসৱমুখৰ পৰিৱেশত কলঙৰ পানী তুলি আনি মাহ-হালধিৰে নোৱালে ১৮ যোৰাকৈ দৰা-কইনাক । বিবাহৰ সম্পূৰ্ণ মাংগলিক ৰীতি-নীতি পৰম্পৰাৰে শ্ৰীশ্ৰী গোপাল মাধৱ দেৱালয় প্ৰাংগণত ধুমধামৰে অনুষ্ঠিত হ’ল বৰ বিয়া (Mass Marriage at Kaliabar) ।  

কোনোবাই যদি প্ৰেম কৰি ইজনে-সিজনক আপোন কৰিছিল, আন কোনোৱে আকৌ হঠাৎ ভাল লাগিয়ে আপোন কৰিছিল প্ৰিয়জনক । কিন্তু কিছু ঘৰুৱা আৰু আৰ্থিক অসুবিধাৰ বাবে বৈবাহিক ৰীতি-নীতিৰে বা পৰম্পৰাৰে বিয়াৰ মাংগলিক কাৰ্যসূচী সম্পন্ন হোৱা নাছিল । অৱশেষত গাঁৱৰ ৰাইজে হোমৰ অগ্নিক সাক্ষী কৰি এখন ৰভাৰ তলতে ১৮ যোৰাকৈ দৰা-কইনাক পাতি দিলে বিয়া । 

লগতে পঢ়ক: Akhil Gogoi meets Assam CM: অখিল গগৈৰ কি প্ৰস্তাৱক ১০০ শতাংশ সঁহাৰি দিলে মুখ্যমন্ত্ৰীয়ে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.